Health Benefits of Green Peas : আমাৰ স্বাস্থ্যৰ বাবে সেউজীয়া মটৰ কিমান উপকাৰী জানো আহক

দৈনন্দিন খাদ্য সামগ্ৰীৰ অন্তৰ্ভূক্ত হোৱা এক স্বাস্থ্যকৰ পাচলি হৈছে মটৰ (Pea)। আমি প্ৰত্যকে আমাৰ খাদ্যৰ তালিকাত শাক-পাচলিৰ অন্তৰ ভুক্ত কৰো। বিভিন্ন ভিটামিন, খনিজ উপাদান তথা অন্যান্য পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এই শাক-পাচলিবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা ৰোগ দূৰত ৰখাত সহায় কৰে আমাক(Health Benefits of Green Peas)।
সাধাৰণতে শীতকালত সেউজীয়া মটৰৰ খেতি কৰা হয় যদিও বছৰজুৰি বজাৰত বৰফত ৰখা আৰু শুকান ৰূপত ই উপলব্ধ ৷ আমাক সদায় সতেজ সেউজীয়া মটৰ খাবলৈ পৰামৰ্শ দিয়া হয় ৷ এই সন্দৰ্ভত খাদ্য বিশেষজ্ঞই শীতকালত আমাক নিয়মিতভাৱে সতেজ সেউজীয়া মটৰ খাবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী(Health Benefits of Green Peas) ….
সেউজীয়া মটৰ খোৱাৰ উপকাৰিতা( Health Benefits of Peas)
সেউজীয়া মটৰত প্ৰ’টিন প্ৰচুৰ পৰিমাণে থাকে, ইয়াক নিয়মিতভাৱে খালে হাড় আৰু পেশীবোৰ শক্তিশালী হৈ উঠে আৰু ই মাংসপেশী শক্তিশালী কৰাটো সহায় কৰে ৷
শিশুৰ শৰীৰৰ বিকাশৰ বাবেও সেউজীয়া মটৰ অতি সহায়ক বুলি গণ্য কৰা হয় ৷
সেউজীয়া মটৰক আঁহৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, ইয়াক খালে দীৰ্ঘদিন ধৰি ভৰি থকা অনুভৱ হয়, যাৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে আৰু লাহে লাহে ওজন কমাবলৈ আৰম্ভ কৰে ৷ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে এইটোৱেই এক নিখুঁত খাদ্য ৷
মটৰ উচ্চ পৰিমাণৰ চি ভিটামিনযুক্ত হোৱা বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
সেউজীয়া মটৰৰ Glycemic index অতি কম আৰু ই ৰক্তশৰ্কৰা মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ইয়াৰ লগতে ই হঠাতে ৰক্তশৰ্কৰা বৃদ্ধি হোৱাটো ৰোধ কৰে আৰু আঁহৰ উপস্থিতিৰ বাবে কাৰ্বহাইড্ৰেটৰ শোষণ হ্ৰাস কৰে ৷
ডায়েবেটিছ ৰোগীৰ বাবে সেউজীয়া মটৰ এক উৎকৃষ্ট খাদ্য ৷
মটৰত উপলব্ধ ফাইবাৰে হজম শক্তি বৃদ্ধি কৰে ।
সেউজীয়া মটৰত বহুতো খনিজ পদাৰ্থ পোৱা যায় যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে, যেনে মেগনেছিয়াম, পটাছিয়াম আৰু কেলচিয়াম ৷ এই সকলোবোৰ পুষ্টিকৰ উপাদানে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাত সহায় কৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷
মটৰত উচ্চ পৰিমাণৰ আয়ৰন থকাৰ বাবে ই ৰক্তহীনতা ৰোগ প্ৰতিৰোধৰ বাবে উপকাৰী ।
মটৰত উপলব্ধ কেৰ’টেন’ইড পিগমেণ্ট লুটেইনে চকুত ছানি পৰাৰ পৰা সুৰক্ষা প্ৰদান কৰে আৰু বৃদ্ধ বয়সত দৃষ্টি শক্তি ভালে ৰাখে ।
লগতে পঢ়ক : Mosambi Benefits: দৈনিক মৌচুমী টেঙা খাওক আৰু সুস্থ থাকক