Local, Vocal, Global

Daily Horoscope for 13th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই,আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আপোনাৰ জীৱন লগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। আজি আপুনি আৰামকৈ বিশ্ৰাম লব নোৱাৰিব কাৰণ আপোনাৰ কিছুমান অতি বন্ধু আৰু আত্মীয়ই আপোনাক বিশ্ৰাম লব নিদিব, অৱশ্যে প্ৰত্যেক মুদ্ৰাৰ এক ভাল অংশও থাকে ,এই সুযোগৰ ব্যৱহাৰ আপোনালোকৰ বন্ধুত্বৰ এনাজৰী ডাল শক্তিশালী কৰিব পাৰে আৰু পিছত ইয়াৰ পৰা আপুনি লাভান্বিতও হব পাৰে(Daily Horoscope)।

বৃষ ৰাশি : ধ্যান আৰু যোগ আপোনাক শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব আজি আপুনি বহুত পইচা আয় কৰিব পাৰে। হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব।কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেই বিষয়ে অনুভৱি লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱি লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। আপোনাৰ সহকৰ্মী হঠাৎ অসুস্থ হোৱা বাবে আজি আপুনি তেখেতক পুৰ্ণ সমৰ্থন আগবঢ়াব।

মিথুন ৰাশি : আজি আপোনাৰ স্বভাৱৰ সকলোৱে আপোনাক প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে, এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সচাকৈয়ে এক বিশেষ কথা কৈ যাব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয় । জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব।

কৰ্কট ৰাশি : আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে।আজি আপোনাৰ আৰ্থিক দিশত উন্নতি হব। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনা কথাৰ তৰ্ক নকৰিব। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে, যদিও বাহিৰত খোৱাটো অলপ খৰচী হব।

সিংহ ৰাশি : আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিন ভাল কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে ।

কন্যা ৰাশি : বন্ধুয়ে আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।

তুলা ৰাশি : সেই ভাৱনাসমূহক চিনাক্ত কৰক,যি আপোনাক প্ৰেৰণা দিব পাৰে । ভয়,শংকা আৰু লোভ যেনেকুৱা নঞাৰ্থক ভাৱনা সমূহ এৰক কাৰণ এই চিন্তা সমূহ যিবোৰ বস্তুক আকৰ্ষিত কৰে যিবোৰ আপুনি নিজৰ জীৱনত নিবিচাৰে। প্ৰয়োজনতকৈ অধিক খৰচ আৰু চাতুৰীৰে ভৰা আৰ্থিক যোজনাৰ পৰা দূৰত থাকক। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে,লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিছু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আপোনাৰ জীৱন সংগী আজি আপোনাক সকলোধৰণৰ ভাল অনুভুতি বোৰ দেখুৱাব, আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে। আপোনাৰ কথাত যদি গুৰুত্ব দিয়া হোৱা নাই তেন্তে খ্ং নকৰি পৰিস্থিতি বুজাৰ চেষ্টা কৰিব।

বৃশ্চিক ৰাশি : নিজৰ ওপৰত এটা সীমাৰ ওপৰত আৰু হেঁচা প্ৰয়োগ নকৰিব আৰু পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম গ্ৰহণ কৰক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। বন্ধু আৰু পাৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। জীৱন লগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে। আপোনাৰ ভৱিষত্যৰ পৰিকল্পনা বনাবৰ বাবে এয়া উপযুক্ত দিন,কাৰণ আপোনাৰ ওচৰত অলপ ভাল কৈ আজৰি সময় আছে ,কিন্তু পৰিকলল্পনা ব্যৱহাৰিক ৰাখিলে ভাল ,কাল্পনিক কেতিয়াও আপোনাৰ কামত নাহে।

ধনু ৰাশি : আপোনাৰ কামত মনোযোগ দিয়াত আজি আপোনাৰ অসুবিধা হব পাৰে। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আকাশ খন অধিক উজ্জ্বল দেখা যাব , ফুল সমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হব আৰু আপোনাৰ ওচৰে-পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব ,কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ ক্থা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাৰে। আপোনাৰ দেউতা আজি আপোনাৰ বাবে বিশেষ উপহাৰ আনিব পাৰে।

মকৰ ৰাশি : নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে যিহতে আপোনাক আগৰ ধাৰে লোৱা পইচাই ঘুৰাই দিয়া নাই। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হব। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।

কুম্ভ ৰাশি : গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ’ব। সামাজিক গতিবিধি আজি বহুত ৰোমাঞ্চকৰ হব,কিন্তু আপুনি এই ৰহস্য যাতে বেলেগৰ আগত প্ৰকাশ নকৰিব। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আজি আপুনি নতুন চিন্তা ধাৰাৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।

মীন ৰাশি : আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ’ব । আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। জীৱন সংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হব পাৰে ,কিন্তু ধৈৰ্য ধৰি থাকক। সময় কিমান দ্ৰুত গতিত আগবাঢ়ে সেই কথা আজি এজন পুৰনি বন্ধুক লগ পাই আপোনাৰ অনুভৱ হ’ব।