WATCH | Hataingimari News : মানকাচৰ আম আদমী পাৰ্টিৰ সভাপতি মোস্তাক হাছানৰ সংবাদমেল

হাটশিঙিমাৰী,১৫এপ্ৰিল : মানকাচৰত আম আদমী পাৰ্টিৰ জিলা সভাপতি মোস্তাক হাছানৰ সংবাদমেল ৷
সংবাদমেলত মানকাচৰৰ কাকৰীপাৰা জিলা পৰিষদৰ অগপ দলৰ প্ৰাৰ্থী হাছিনা ইছলাম আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী তানজিনা খানৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে মোস্তাক হাছানে ৷
মোস্তাক হাছানৰ অভিযোগ মতে, অগপৰ প্ৰাৰ্থী হাছিনা ইছলামে মনোনয়নপত্ৰ দাখিলৰ সময়ত নিৰ্বাচনী বিষয়াক দাখিল কৰা শপত নামাত সম্পত্তিৰ ভুল তথ্য দিছে ৷ মানকাচৰৰ মাজমজিয়াত হাছিনা ইছলামৰ নামত থকা ৩ কটা মাটিৰ তথ্য শপতনামা দিয়া নাই বুলি অভিযোগ উত্থাপন কৰি অগপৰ প্ৰাৰ্থী হাছিনা ইছলামৰ মনোনয়ন বাতিল কৰাৰ দাবী জনায় মোস্তাক হাছানে(Hataingimari News)৷
আনহাতে কাকৰীপাৰা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তানজিনা খানৰ বিৰুদ্ধে নিৰ্বাচনী নীতি নিয়ম ভংগ কৰাৰ অভিযোগ কৰে ৷ তানজিনা খানে শপতনামাত তেখেতৰ পৰিয়ালৰ ভুল তথ্য নিৰ্বাচনী বিষয়াক দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে কেইবাটাও গুৰুত্বৰ অভিযোগ উত্থাপন কৰি তানজিনা খানৰ মনোনয়ন বাতিল কৰাৰ বাবে দাবী জনায় মোস্তাক হাছানে ৷
লগতে পঢ়ক : WATCH | Sipajhar News : ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ছিপ্ৰাৰত্ন বঁটা ২০২৫ প্ৰদান