Local, Vocal, Global

Hasina begum arrested from Guwahati : গ্ৰেপ্তাৰ লখিমপুৰৰ নাৰী হাছিনা বেগম;আৰক্ষীৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হাছিনা

নিউজ ডেস্ক,১০আগষ্ট : নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ লখিমপুৰৰ হাছিনা বেগমক। গুৱাহাটীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাছিনা বেগমক । নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ হাছিনাই ধন লোৱাৰ আভিযোগ। বিহপুৰীয়া OC আৰু বঙালমৰা ICৰ নামত ধন লৈছিল হাছিনাই।

নিজৰ মতে নচলিলে আৰক্ষী বিষয়াকো হাছিনাই দিয়ে বদলিৰ ভাবুকি। হাছিনাৰ বিৰুদ্ধে তথ্য-প্ৰমাণ লাভৰ পাছতে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। মহানগৰীৰ গণেশগুৰিৰ এখন হোটেলৰ পৰা নিশা গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ। হাছিনাৰ আন এগৰাকী সহযোগী ফকৰুদ্দিনকো হোটেলৰ পৰাই গ্ৰেপ্তাৰ। একেটা কোঠালিৰ পৰা নিশা গ্ৰেপ্তাৰ দুয়োকে(Hasina begum arrested from Guwahati)।

উল্লেখযোগ্য যে,SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটিছিল হাছিনাৰ। জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে লখিমপুৰৰ হাছিনা বেগম নামৰ এই মহিলাগৰাকীয়ে জোনমণি ৰাভাৰ দুৰ্ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি লখিমপুৰ আৰক্ষীৰ ভিতৰচৰাৰ এক ক’লা অধ্যায় মুকলি কৰি দিছিল। হাছিনা বেগমে অভিযোগ কৰিছিল যে নাওবৈচা আৰক্ষী চকীৰ আই চি সঞ্জীৱ বৰাই নকল সোণ আৰু জাল নোটৰ সৰবৰাহকাৰীৰ পক্ষ লৈ জোনমণি ৰাভাক ৬ লাখ টকা দাবী কৰিছিল।

লগতে হাছিনা বেগমে সংবাদ মাধ্যমৰ আগত এইবুলিও কৈছিল যে, ‘‘মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। লখিমপুৰ নাওবৈচাৰ ঘৰত থাকিব পৰা নাই।” আনকি চৰকাৰ প্ৰশাসনে হাছিনাক আৰু তেওঁৰ পৰিয়ালক যদিহে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে তেন্তে গোটেই পৰিয়ালটোক একেবাৰে শেষ কৰি দিয়ক বুলিও বিস্ফোৰক মন্তব্য কৰিছিল হাছিনাই(Hasina begum arrested from Guwahati)।

লগতে পঢ়ক : Plane crash in Brazil’s São Paulo state kills all 61 on board : ব্রাজিলৰ চাও পাওলোত ভয়ংকৰ বিমান দুৰ্ঘটনা;নিহত ৬১গৰাকী লোক