Plane crash in Brazil’s São Paulo state kills all 61 on board : ব্রাজিলৰ চাও পাওলোত ভয়ংকৰ বিমান দুৰ্ঘটনা;নিহত ৬১গৰাকী লোক
ইণ্টাৰনেশ্যনেল ডেস্ক,১০আগষ্ট : পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা । এইবাৰ ব্রাজিলৰ চাও পাওলোত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে, দুৰ্ঘটনাত বিমানখনত থকা ৬২ গৰাকী লোকৰ মৃত্যু।
দুৰ্ঘটনাগ্ৰস্ত বিমানখন পাৰানা ৰাজ্যৰ কাস্কাভেলৰ পৰা চাও পাওলোৰ গুয়াৰুলহছলৈ গৈ আছিল । ফলত দুৰ্ঘটনাত পতিত হয় ATR-72 এয়াৰ ক্ৰাফট বিমানখন ।
দুৰ্ঘটানগ্ৰস্ত বিমানখনৰ এয়াৰলাইনছ সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে ব্ৰাজিলৰ চাও পাওলো ৰাজ্যৰ এখন চহৰৰ আৱাসিক এলেকাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এক অগ্নিকুণ্ডত পৰিণত হৈ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ফলত বিমানখনত মুঠ ৬১ গৰাকী লোকৰ আটাইকেইগৰাকীৰে মৃত্যু হয়(Plane crash in Brazil’s São Paulo state kills all 61 on board) ।
অৱশ্যে এয়াৰলাইনছ কৰ্তৃপক্ষই পূৰ্বতে জনাইছিল যে চাও পাওলোৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ (৫০ মাইল) উত্তৰ-পশ্চিমত ভিনহেডোত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৬২ জন লোক আছিল । কিন্তু পিচত এই সংখ্যা ৬১ বুলি শুধৰণি কৰা হয়(61 killed after plane crashes in Brazil) ।
দুৰ্ঘটনাটোৰ বাবে এয়াৰ লাইনছ কোম্পানীটোৱে দুখ প্ৰকাশ কৰি কয়, “2283 নম্বৰ বিমানখনত থকা ৬১ গৰাকী লোকৰ আটাইকেইগৰাকীৰে দুৰ্ঘটনাস্থলীতে মৃত্যু হয় ।”লগতে এয়াৰলাইনছ সংস্থা ভিঅ’পাছে ভুক্তভোগী পৰিয়ালবোৰক সম্ভৱপৰ সকলো সহায়ৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে।
ইফালে দুৰ্ঘটনাটোৰ বাতৰি পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী, সামৰিক আৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্তৃপক্ষই ভিনহেডোৰ দুৰ্ঘটনাস্থলীলৈ নিজৰ নিজৰ দল প্ৰেৰণ কৰে ।উল্লেখ্য যে, ব্ৰাজিলিয়ান টেলিভিছন নেটৱৰ্ক গ্লোবোনিউজে ঘৰেৰে ভৰ্তি এটা আৱাসিক এলেকাত এখন বিমানৰ পৰা জুই আৰু ধোঁৱা ওলাই থকা এক বৃহৎ এলেকাৰ ফুটেজ প্ৰচাৰ কৰে । গ্লোবোনিউজৰ আন আন ফুটেজত দেখা গৈছে যে এখন বিমান উলম্বভাৱে তললৈ পৰি গৈছিল(At least 61 dead after passenger plane crashes in Brazil) ।