Local, Vocal, Global

Assam boy child artist Scholarship : হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বটা প্ৰদান

গুৱাহাটী, ৩০ মে’ : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা গুৱাহাটীৰ হাৰ্দিক শৰ্মালৈ পুতলা নাচৰ বাবে ২০২২-২০২৩ বৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰত শিশু শিল্পী বৃত্তিৰ বাবে মনোনীত কৰা হৈছে (Center for Cultural Resources and Training)। হাৰ্দিক শৰ্মাই ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ NCRT , CCRT আৰু SCERT ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত পণ্ডিত বিনিতা দেৱীৰ পৰা পুতলা শিকাৰ প্ৰশিষণ গ্ৰহণ কৰি আছে ।

হাৰ্দিক শৰ্মা গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ । হাৰ্দিক শৰ্মা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ সীমান্ত শৰ্মা আৰু বিনীতা দেৱীৰ এক মাত্ৰ পুত্ৰ । হাৰ্দিকে সুৰজিৎ একাডেমীত দুবছৰীয়া অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণো লৈ আছে । তেওঁ অসম আৰু ভাৰত চৰকাৰৰ অধীনত কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠানতো অভিনয় কৰিছে আৰু সুৰোজিত একাডেমীৰ অধীনত কেইবাখনো চুটি ছবিত অভিনয় কৰিছে । শিশু শিল্পী হাৰ্দিক শৰ্মাই ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষন পৰিষদ (NCRT) আৰু অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক শিক্ষা গৱেষণা শিক্ষাৰ লগত জৰিত ছুটি ছবিত অভিনয় আৰু পুতলা নাটৰ ছুটি ছবি সমূহত পুতলা সঞ্চালন কৰে । লগতে বিনীতা দেৱীৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত পুতলা নাটত সঞ্চালন আৰু অভিনয় পৰিৱেশন কৰে ।

হাৰ্দিক শৰ্মাই ৰাষ্ট্ৰীয় চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ অধীনটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাটত অভিনয় কৰি আহিছে । হাৰ্দিক শৰ্মাই অভিনয় আৰু পুতলা নাচৰ লগতে বিভিন্ন সাংস্কৃতিক মঞ্চত সংগীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে ।

লগতে পঢ়ক : Watermelon farming in Assam : হালধিয়া আৰু ৰঙা তৰমুজ খেতিৰে চৰ্চাত এজন যুৱক