Local, Vocal, Global

হলিচৰণৰ হায়দৰাবাদ গমন

হায়দৰাবাদ এফ চিৰ সৈতে চুক্তিবদ্ধ হ’ল হলিচৰণ নাৰ্জাৰী

ক্ৰীড়াক্ষেত্ৰলৈ এক সুখবৰ৷ হায়দৰাবাদ এফ চিৰ সৈতে চুক্তিবদ্ধ হ’ল অসমৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ হলিচৰণ নাৰ্জাৰী৷ ভাৰতীয় ফুটবল দলৰ অভিজ্ঞ মিড ফিল্ডাৰ তথা অসমৰ সফল ফুটবলাৰ নাৰ্জাৰীয়ে আগন্তুক আই এছ এলৰ দুটা ছিজনৰ বাবে হায়দৰাবাদ এফ চিৰ সৈতে চুক্তিবদ্ধ হৈছে৷ ইয়াৰ পূৰ্বে কোকৰাঝাৰৰ সফল ফুটবলাৰগৰাকীয়ে এফ চি গোৱা, নৰ্থ-ইষ্ট ইউনাইটেড এফ চি আৰু কেৰালা ব্লাষ্টার্ছৰ সৈতে দলত অন্তর্ভুক্ত হৈছিল৷

উল্লেখ্য যে নার্জাৰীয়ে ২০১০ চনেৰ পৰা ভাৰতীয় জাতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰি আহিছে৷ হলিচৰণৰ লগতে আগন্তুক বৰ্ষত অসমৰ ফুটবলাৰ দিপু মিৰ্ধা, এলেন দেউৰী, প্ৰাঞ্জল ভূমিজ, বাওৰিনংদা বডোছা, ৰাকেশ প্ৰধান, নবীন ৰাভাৰ উপৰিও আন কেইবাজনো উদীয়মান ফুটবলাৰে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে৷