Local, Vocal, Global

গুৱাহাটীৰ হেঙেৰাবাৰীত লখিমপুৰৰ যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ 

নিউজ ডেক্স,১১ জুলাই : গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত চাঞ্চল্যকৰ ঘটনা। কৰ্মসূত্ৰে দীৰ্ঘদিনৰে পৰা গুৱাহাটী মহানগৰীত বাস কৰা লখিমপুৰৰ যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ। ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে দিপাংকৰ শইকীয়া নামৰ যুবকজনৰ মৃতদেহ।

হেঙেৰাবাৰীৰ সাৰথি পথত এটা ভাড়াঘৰৰ কোঠাৰ ভিতৰৰ পৰা মৃত অবস্থাত উদ্ধাৰ কৰা হয় ২৮ বছৰীয়া দীপাংকৰৰ অৰ্ধ গলিত মৃতদেহ।

উল্লেখ্য যে, খ্ৰীষ্টান বস্তিৰ VLCC পাৰ্লাত কৰ্মৰত আছিল লখিমপুৰৰ যুৱকজন।

ঘটনাস্থলীত হেঙেৰাবাৰী আৰক্ষী উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে আৰু আৰক্ষীয়ে প্ৰাথমিক তদন্তত আত্মহত্যাৰ ঘটনা বুলি প্ৰকাশ কৰে। লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ত প্ৰেৰণ কৰে মৃতদেহটো।