হাজোত পুনৰ উদ্ধাৰ হোৱা এটা ক্ষত-বিক্ষত মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ

হাজোত পুনৰ উদ্ধাৰ হোৱা এটা ক্ষত-বিক্ষত মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ডিঙাৰা গাওঁৰ বাঁহনিৰ মাজত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতেই অঞ্চলজুৰি হাহাকাৰ লাগে। মৃতদেহটোৰ ওচৰত উদ্ধাৰ হৈছে এখন চোকা অস্ত্ৰও। ডিঙি কটা মৃতদেহটো বিশ্বজিৎ কলিতা নামৰ এজন কাঠমিস্ত্ৰীৰ বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত কঁঞা থানাৰ আৰক্ষী উপস্থিত হৈছে আৰু ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। হত্যা নে আত্মহত্যা এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।