Watch | Hajo news : হাজোৰ মিলপাৰা ৰতনপুৰত খিলঞ্জীয়া যুৱকক আক্ৰমন বঙ্গমুলীয় মুছলমানৰ

হাজো: হাজোৰ মিলপাৰা ৰতনপুৰত খিলঞ্জীয়া যুৱকক আক্ৰমন বঙ্গমুলীয় মুছলমানৰ। বৰ্তমানো মুকলি আকাশৰ তলত মূল অভিযুক্ত আন্তজ আলী কালাম আলী আৰু খালেক আলী
অপৰাধী গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী প্ৰশাসন। হাজোৰ বিভিন্ন মহলৰ তীব্র প্ৰতিক্ৰিয়া।
হাজোৰ ৰতনপুৰত অসমীয়া খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰাৰ প্ৰতিবাদ অব্যাহত আছে।। হাজো আৰক্ষীয়ে আজিলৈকে আটক কৰিব সক্ষম নোহোৱাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে হাজোৰ বৰ্ণি গাঁওৰ মঞ্জুৰ আলী নামৰ এগৰাকী খিলঞ্জীয়া যুৱকক দলবব্ধ আক্ৰমণ কৰিছিল এদল বঙ্গ মুলীয় লোকে। সম্প্ৰতি মঞ্জুৰ আলী সংকট জনক অৱস্থাত চিকিত্সাধীন হৈ আছে । দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰাদন কৰিবলৈ আহ্বান জনাইছে হাজোৰ সচেতন মহলে।
লগতে পঢ়ক : Watch | Biswanath news: বিশ্বনাথ নগৰত চিপিআই(এম) বিশ্বনাথ জিলা কমিটিৰ বিক্ষোভ কার্যসূচী