Local, Vocal, Global

Watch | Hajo hs result: হাজোৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ আনন্দ উল্লাস

হাজো: জল্পনা কল্পনা অন্তত আজি ঘোষণা কৰা হৈছে উচ্চৰ মাধ্যমিক বিদ্যালয় ফলাফল।

হাজোৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ আনন্দ উল্লাস।

হাজোৰ বৰিজানী গাৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছানিয়া চুলতানাই।

বিজ্ঞান শাখাত ৯১.৪% শতাংশ নম্বৰৰে প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰী গৰাকী।

ৰামানুজন ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা লেটাৰ মাৰ্ক সহ ৯১.৪% শতাংশ নম্বৰ লাভ কৰাত ছাত্ৰী গৰাকীৰ ঘৰত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস।

বিভিন্ন জনে ছাত্ৰী গৰাকীক মিঠাই খোৱাৰ লগতে গামোচা পিন্ধাই শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে।

ছানিয়া চুলতানাৰ ফলাফলক লৈ আত্মহাৰা হৈছে পিতৃ-মাতৃৰ লগতে গাঁৱৰ ৰাইজ।

ভবিষ্যতে ছানিয়া চুলতানা এগৰাকী চিকিৎসক হোৱাৰ মন মেলিছে।