Local, Vocal, Global

হাজোত পুনৰ উদ্ধাৰ মৃতদেহ

হাজোৰ দক্ষিণ বৰ্নিত দেওবাৰে নিশা উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। মৃতলোকজনৰ পিন্ধনত আছিল লুঙি আৰু এটি চাৰ্ট। মাছ মৰিয়াই মাছ মাৰি থাকোতে প্ৰত্যক্ষ কৰে মৃতদেহটো। নদীৰ সোঁতত মৃতদেহ উটি অহাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ তথা আৰক্ষীয়ে। লোকজনক কোনো লোকে হত্যা কৰি পানীত পেলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ। ৰাইজে ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ হাজো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় ৰাইজৰ সহযোগত হাজো আৰক্ষীয়ে লৈ যায়।