Local, Vocal, Global

Watch | Hajo boat compittition: তীৰ্থ নগৰী হাজোত অনুষ্ঠিত হৈছে পৰম্পৰাগত নাঁও খেল প্ৰতিযোগিতা

হাজো: নাঁও খেলক লৈ তীৰ্থনগৰী হাজোৰ আধিয়াপৰাত এতিয়া যেন উখল-মাখল পৰিবেশ। আধিয়াপাৰৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈত অনুষ্ঠিত কৰা হৈছে এই পৰম্পৰাগত হোলোং নাঁও খেল প্ৰতিযোগিতাৰ। আধিয়াৰপাৰা শ্বাহমিলন ক্লাবৰ সৌজন্যত অনুষ্ঠিত কৰা হোৱা এই নাওঁখেল প্ৰতিযোগিতা কেইবাবছৰ ধৰি অনুষ্ঠিত কৰি আহিছে আধিয়াপৰা অঞ্চলত।

এই নাঁও খেল প্ৰতিযোগিতাত কামৰূপৰ জিলাৰ ন খনকৈ হোলোং নাও খেলৰ দলে অংশগ্রহণ কৰে। এই ৰোমাঞ্চকৰ নাঁও খেল চাবলৈ হাজোৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহৰো হাজাৰ হাজাৰ লোক হিলদল ভাঙি ঢপলিয়াই অহা পৰিলক্ষিত হৈছে। এই নাঁও খেল প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ হিচাপে সমিটিৰ তৰফৰ পৰা লাভ কৰিবলৈ সক্ষম হয় “দীনদয়াল” নামৰ নাঁওখনে। আনহাতে দ্বিতীয় পুৰষ্কাৰ লাভ কৰে “আলিফলেইলা” নামৰ নাঁওখনে।

লগতে পঢ়ক: Watch | MLA Sheraman Ali will join the Raijor dol party: অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্বেৰমান আলীয়ে