Local, Vocal, Global

পঞ্চায়ত সচীবৰ হেমাহিত মাননিৰ পৰা বঞ্চিত হাইলাকান্দিৰ জলমিত্ৰ সকল

ডিজিটেল ডেস্ক: মাননীৰ পৰা বঞ্চিত হাইলাকান্দিৰ জলমিত্ৰসকল। পঞ্চায়ত সচিবৰ হেমাহিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ। কাম কৰে জল সৰবৰাহ বিভাগত। কিন্তু দৰমহা দিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে! এইখন আজব অসমৰ আন এক গজব কাহিনী ।

যোৱা ১৫ বছৰৰ পৰা হাইলাকান্দি জিলাৰ বিভিন্ন পানী যোগান আচনিসমূহত দৰমহা অবিহনে কাম কৰি আছিল একাংশ কৰ্মচাৰীয়ে। সুদীৰ্ঘ ১৫ বছৰৰ পৰা এইসকল কৰ্মচাৰীয়ে দৰমহা আৰু চাকৰি স্থায়ীকৰণৰ বাবে আন্দোলনো কৰি আহিছিল তেওঁলোকে ।

কিন্তু আন্দোলনৰ পিছতো অৱশেষত ৰাজ্য চৰকাৰে তেওঁলোকক জলমিত্ৰ হিচাপে নিযুক্তি প্ৰদান কৰে। লগতে প্ৰতিমাহে ৬৭০০ টকা মাননী দিয়াৰ ব্যৱস্থা কৰি দিছিল ৰাজ্য চৰকাৰে। কিন্তু এই মাননী লাভ কৰিবলৈ পানী যোগান বাদদি গাওঁ পঞ্চায়ত সচিবসকলৰ পদূলিত দিন কটাব লগা হৈছে জলমিত্ৰ সকলে ।

কাৰন জল সৰবৰাহৰ কাম কৰিলেও তেওঁলোকৰ দৰমহা দিয়াৰ দায়িত্ব দিয়‍া হৈছে নিৰ্দিষ্ট গাওঁ পঞ্চায়তকহে । ইপিনে, চলিত মাহৰ ১৪ তাৰিখে হাইলাকান্দি গ্ৰামোন্নয়ন বিভাগে মাননীৰ অৰ্থ ধাৰ্য কৰিলেও নিৰ্দিষ্ট গাওঁ পঞ্চায়ত সচিবসকলে আজিলৈকে প্ৰদান কৰা নাই জলমিত্ৰৰ মাননী। আজি এই জলমিত্ৰসকলে হাইলাকান্দিৰ জিলা উপায়ুক্তক এক স্মাৰক পত্ৰযোগে এই কথা উল্লেখ কৰি পঞ্চায়ত সচিবসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে ।