Local, Vocal, Global

হেপাহৰ ৰঙালীক আদৰিবলৈ সাজু ধিঙৰ ডেকা গাভৰু

ডিজিটেল ডেস্ক: হেপাহৰ ৰঙালীক আদৰিবলৈ সাজু সমগ্ৰ ৰাজ্য , তাৰ ব্যতিক্ৰম নহয় ধিং । ৰঙালীক আদৰিবলৈ সাজু হৈছে ধিঙৰ এইসকল ডেকা গাভৰু । ঢোল পেপাৰ মাতে ৰজনজনাইছে ধিঙৰ আকাশ বতাহ ।

ঢোলৰ চেৱে চেৱে বিহু নাচত ব্যস্ত এইসকল বিহুৱা , নাচনি । এক নান্দনিক পৰিবেশত ঢোল পেঁপাৰ মাতত টাকুৰি ঘুৰাদি ঘুৰিছে শতাধিক নাচনিয়ে ।

হেপাহৰ ৰঙালীক আদৰিবলৈ এনেদৰেই প্ৰতিদিনাই বিহু আখৰাত ব্যস্ত হৈ পৰিছে ধিঙৰ এইসকল ডেকা গাভৰু ।