Guwahati road accident: গণেশগুৰি পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৯জুন : বৃহস্পতিবাৰে গুৱাহাটীৰ গণেশগুৰিত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনাৰ।দুৰ্ঘটনাত ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ চকাত পৰি মৃত্যু হৈছিল লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ।
উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ মিনিটত প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকীয়ে নিজৰ বায়েকৰ লগত গণেশগুৰিৰ ফালৰ পৰা হাটীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুললৈ বুলি গৈ আছিল ৷ স্কুটীৰে বায়েকৰ সৈতে বিদ্যালয়লৈ গৈ থকা অৱস্থাতে এ এছ ০১ পি চি ৭৪১১ নম্বৰৰ ৰয়েল গ্ল’বেল স্কুলৰ বাছ এখনৰ পিচ চকাৰ তলত সোমাই পৰে ছাত্ৰীগৰাকী (Student being hit by a school bus in Guwahati) । ফলত থিতাতে নিহত হয় লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰীৰ(Priya Kumari Guwahati accident)।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে প্ৰথমে এই দুৰ্ঘটনাৰ বাবে বাছখনৰ চালকক জগৰীয়া কৰা হৈছিল, যদিও কিন্তু পৰৱৰ্তী সময়ত চি চি টিভি ফুটেজ পোহৰলৈ অহা অহাৰ পিছত এইটো স্পষ্ট হৈছিল যে এই দুৰ্ঘটনাটো বাছখনৰ চালকৰ ভুল নাছিলে, জাইকাই ৰাজপথৰ মাজত খান্দি থোৱা গাত আৰু স্কুটী চালকৰ ভুলৰ বাবেই সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো।
এই সন্দৰ্ভত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত সাংবাদিকৰ আগত দুৰ্ঘটনাটোৰ প্ৰসংগত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Guwahati priya Kumari’s road accident)।
খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত সাংবাদিকৰে হোৱা প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘CCTV ফুটেজ চাই দুটা ভুল অনুমান হয় । প্ৰথমতে ভুল দিশত স্কুটীখনে অভাৰটেক কৰিব বিচাৰিছিল, দ্বিতীয়তে গাঁত থকাটো স্পষ্ট হৈছে’’ ।
‘‘তেওঁ ৰাজপথত গাঁতসমূহ কিয় আছে তাক লৈ জিলা উপায়ুক্তক ব্যৱস্থা ল’বলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে । লগতে যান-বাহন আৰক্ষীকো ভুল দিশেৰে যান-বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী ’’ ৷
ইফালে এই ঘটনাৰ পাছতে জাইকাৰ পানীৰ পাইপৰ কাম কৰি থকা এ কে কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সমান্তৰালকৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে বিভাগীয় মন্ত্ৰী অশোক সিংহাল আৰু জাইকাৰ বিৰুদ্ধেও গোচৰ দাখিল কৰিছে।
উল্লেখ্য যে দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা ৷ উপায়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে GMDA য়ে তাৎক্ষণিকভাৱে গাঁতটো পুতি পেলায় ৷ জানিব পৰা মতে, পানীৰ পাইপ বহুৱাই থকা A K Construction নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ইতিমধ্যে থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷
লগতে পঢ়ক : Cattle Smuggling : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ