2 Miners Found Dead in Rat Hole Mine : লিডুৰ অবৈধ ‘ৰেট হোল’ খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক

তিনিচুকীয়া, ৯ জুন : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা ৷ বিভিন্ন সময়ত অবৈধ ভাৱে গঢ়ি উঠা কয়লা খনি সমূহত ভুমিস্খলন তথা মিথেইন গেছ নিৰ্গত হৈ ইতিমধ্যে বহু শ্ৰমিকৰ মৃত্যু হৈছে ৷ তেনে এক ঘটনা পুনৰ সংঘটিত হয় বুধবাৰে ।
তিনিচুকীয়া জিলাৰ লিডুত অবৈধ ‘ৰেট হোল’ খনিত নিহত হৈছে দুজন কয়লা খননত কাম কৰা শ্ৰমিকৰ (Rate Hole)। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী থানাৰ অন্তৰ্গত মলো পাহাৰ অঞ্চলৰ ৰেট হোল খনিৰ পৰা বুধবাৰে দুজন খনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
লিডুৰ অবৈধ খনিটোত মিথেনৰ দৰে কিছু বিষাক্ত গেছত উশাহ লোৱাৰ ফলত শ্ৰমিক কেইজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।
নিহত খনি শ্ৰমিক দুজনৰ ভিতৰত এজন লিডুৰ ইটাখুলি অঞ্চলৰ বাসিন্দা নয়ন ফুকন বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে তেওঁলোকে লিডুত কয়লাৰ অবৈধ ব্যৱসায় চলোৱা কিটেশ দেৱনাথৰ অধীনত কাম কৰি আছিল ।
উল্লেখ্য যে ‘ৰেট হোল খনিত এতিয়ালৈকে বহু যুৱকৰ মৃত্যু হৈছে (Rat hole mine) । ইয়াৰে অধিকাংশই দৰিদ্ৰ শ্ৰেণীৰ আৰু কয়লাৰ অবৈধ ক্ৰয়ৰ সৈতে জড়িত আছিল । কেইমাহমান আগতে লিডু অঞ্চলত ৰেট হোল খনিত মৃত্যু হৈছিল মাকুমৰ এজন যুৱকৰ । প্ৰাঞ্জল মৰাণ নামৰ যুৱকজনৰ মৃতদেহ তিনিমাহৰ অন্তত ৰেট হোল খনিৰ পৰা উদ্ধাৰ কৰা হৈছিল ।
উল্লেখ্য যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত লিডুৰ এটা অবৈধ “ৰেট হোল” খনিত কমেও তিনিজন শ্ৰমিকৰ মৃত্যু হৈছিল। নিহত শ্ৰমিক তিনিজন বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী বুলি জানিব পৰা গৈছে ।
আৰক্ষী বিষয়াসকলে জনোৱা অনুসৰি , তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু লিডুত অবৈধ ‘ৰেট হোল’ খনি গঢ়ি উঠিছে। কয়লা সৰবৰাহকাৰীয়ে অঞ্চলটোত সংগঠিত ৰেকেট চলায় ।
এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি , ‘ৰেট হোল’ খনন নিষিদ্ধ, কিন্তু অঞ্চলটোৰ কিছু অংশত এতিয়াও এনে খনি চলি আছে। আমি যেতিয়াই কোনো তথ্য পাওঁ তেতিয়াই এনে খনি উত্খাত কৰো।”
চৰকাৰ তথা স্থানীয় আৰক্ষী প্ৰশাসনৰ চৰম সোপাঢিলা নীতিৰ বাবে কয়লা মাফিয়াই চৰম সীমা চেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷ কোন আৰক্ষী ! কোন প্ৰশাসন ? সকলোকে বুঢ়া আঙুলী প্ৰদৰ্শন কৰি এচাম কয়লাচুৰে লিডুৰ বিভিন্ন স্থানত অবৈধ ভাৱে গঢ়ি তুলিছে কয়লাৰ অবৈধ খনি ( খাদান ) ৷
এতিয়া প্ৰশ্ন হয় বাৰম্বাৰ কয়লাৰ অবৈধ খনিত শ্ৰমিকৰ মৃত্যুৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰি অহাৰ সময়তে কেনেকৈ পুনৰ এনেবোৰ ঘটনা সংঘটিত হ’ব ধৰিছে ৷
লিডুৰ কয়লাৰ অবৈধ বেহাৰ সৈতে প্ৰকৃততে কোন জড়িত ? কাৰ চত্ৰচায়াত পুনৰ আৰম্ভ হৈছে কয়লাৰ অবৈধ চিণ্ডিকেট ? কয়লাৰ অবৈধ চিণ্ডিকেটৰ সৈতে কোন কোন জড়িত ?
লগতে পঢ়ক : Guwahati road accident: গণেশগুৰি পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া