Grenade Recovered in Moran : ব্যৱসায়ীৰ বাসগৃহত উদ্ধাৰ গ্ৰেনেড; আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহ !

মৰাণ, ২৮ছেপ্টেম্বৰ : মৰাণ বঁটামৰাত চাঞ্চল্যকৰ ঘটনা । মৰাণ বঁটামৰাৰ ব্যৱসায়ীৰ বাসগৃহৰ পৰা উদ্ধাৰ গ্ৰেনেড(Grenade Recovered in Moranhat of Charaideo) ।
জানিব পৰা মতে, চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বটামৰা নিবাসীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে গ্ৰেনেড। গ্ৰেনেড উদ্ধাৰ ব্যৱসায়ীজনৰ নাম কনক গগৈ । ব্যৱসায়ী কনক গগৈৰ বাসগৃহত বৃহস্পতিবাৰে এটা সক্ৰিয় গ্ৰেনেড উদ্ধাৰ হয় । লগে লগে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ(Grenade Recovered in Moran) ৷
উল্লেখ্য যে, কনক গগৈৰ বাসগৃহৰ চৌহদত বৃহস্পতিবাৰে পুৱাৰ ভাগত কৰ্মচাৰীয়ে গ্ৰেনেডটো প্ৰত্যক্ষ কৰি কনক গগৈক খৱৰ দিয়ে । ইয়াৰ পাছতে ব্যৱসায়ীজনে লগে লগে মৰাণহাট আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে মৰাণহাট আৰক্ষীৰ লগতে চৰাইদেউ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেনেডটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷
কোনো অজ্ঞাত লোকে নিশাৰ ভাগত গ্ৰেনেডটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ব্যৱসায়ীজনে ৷ আনহাতে ব্যৱসায়ী কনক গগৈয়ে জানিবলৈ দিয়া অনুসৰি প্ৰায় পাঁচ মাহ পূৰ্ৱে ব্যৱসায়ীজনক সন্দেহযুক্ত আলফা (স্বাধীন)-এ ফোনযোগে পঞ্চাশ লাখ টকা দাবী কৰিছিল ৷
এই বিষয়ে ব্যৱসায়ীজনে মৰাণহাট আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল ৷ দাবী কৰা ধন নোপোৱাৰ বাবেই ব্যৱসায়ীজনক শংকিত কৰিবলৈ এনেদৰে গ্ৰেনেড থৈ যোৱাৰ সন্দেহ নুই কৰা নাই ব্যৱসায়ীজনে ৷ বৰ্তমান চৰাইদেউ আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে আৰু সংবাদমাধ্যমক ভাষ্য প্ৰদানৰ পৰা বিৰত আছে(Grenade Recovered in Moran) ৷
লগতে পঢ়ক :Dengue outbreak : এইবাৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ; ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডেংগু