পুনৰ জম্মু-কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণ নিহত ২জন সেনাজোৱান
নিউজ ডেক্স ,১৮জুলাই : জম্মু-কাশ্মীৰৰ পুঞ্জত হঠাতে গ্ৰেনেড বিস্ফোৰণ। পুঞ্জ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ (LOC)ওচৰত সংঘটিত এই বিস্ফোৰণ।
সেনাবাহিনীৰ PRO এ জনায় যে দেওবাৰে নিশা মেন্ধাৰত এটা দুৰ্ঘটনাজনিত গ্ৰেনেড বিস্ফোৰণ হৈছিল।
ঘটনাটো সংঘটিত হোৱাৰ সময়ত সেনা জোৱানসকল কৰ্তব্যৰত আছিল।
দুৰ্ঘটনাটোত পাঁচজন সৈনিক আহত হয়। আহতসকলক তৎক্ষণাৎ চিকিৎসাৰ বাবে উধমপুৰলৈ লৈ যোৱা হৈছিল। চিকিৎসাৰ সময়ত সেনা ৰ কেপ্টেইন আনন্দ আৰু নাইব-চুবেদাৰ (JCO) ভগৱান সিঙৰ মৃত্যু হয়।
উল্লেখ্য যে, নিৰাপত্তা বাহিনীৰ ওপৰত জুলাই মাহতেই একেৰাহে দুটা আক্ৰমণ চলাইছে সন্ত্ৰাসবাদীসকলে। ইয়াৰ পূৰ্বে দেওবাৰে আবেলি সন্ত্ৰাসবাদীয়ে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ CRPF ৰ উপৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত এজন সহকাৰী উপ-পৰিদৰ্শক (ASI) শ্বহীদ হৈছিল।
এই আক্ৰমণক গৰিহণা দি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই কয় যে নিৰাপত্তা বাহিনীয়ে অপৰাধীসকলক উপযুক্ত প্ৰত্যুত্তৰ দিব।