Government official arrested: উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এগৰাকী চৰকাৰী বিষয়া
গুৱাহাটী, ১৯ মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অসমক দুৰ্নীতি মুক্ত ৰাজ্য হিচাপে গঢ় দিয়াৰ কথা কৈ অহাৰ বিপৰীতে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ এতিয়াও গা লৰা নাই । মুখ্যমন্ত্ৰীগৰাকীৰ এই কথাক অলপমানো গুৰুত্ব নিদি দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়াতহে যেন গুৰুত্ব দিছে এইসকল চৰকাৰী বিষয়া কৰ্মচাৰীয়ে । প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানকাৰী দলৰ ওচৰত হাত দাঙিছে এনে একাংশ দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে (Government official arrested for taking bribe) ।
শেহতীয়াকৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ পৰা যোৱা অভিযানকাৰী এটা দলে ৰাজ্যৰ এগৰাকী শীৰ্ষ বিষয়াৰ ঘৰত অভিযান চলাই জব্দ কৰে নগদ প্ৰায় ৬৫ লক্ষ্যাধিক টকা । বৃহস্পতিবাৰে ৰাজ্যিক আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ ঘৰত চলোৱা অভিযানৰ সময়ত ঘৰখনত টকাৰ পাহাৰ দেখি অভিযানকাৰী দলটো হতবাক হৈ পৰে । ইতিমধ্যে অভিযানকাৰী দলটোৱে উদ্ধাৰ হোৱা নগদ ৬৫,৩৭, ৫০০ টকা জব্দ কৰিছে (Vigilance and Anti Corruption Branch operation)।
উল্লেখ্য যে বৃহস্পতিবাৰে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ পৰা যোৱা এটা দলে গুৱাহাটীস্থিত কাৰ্যালয়ত উৎকোচ গ্ৰহণ কৰাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ কৰিছিল সহকাৰী আয়ুক্ত মিনাক্ষী কাকতি কলিতাক (Assistant Commissioner of State Income Tax) । প্ৰাপ্ত তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীয়ে অভিযোগকাৰীৰ পৰা GSTৰ অনলাইন কামকাজ পুনৰ সক্ৰিয় কৰি দিয়াৰ বিনিময়ত উৎকোচ দাবী কৰিছিল ।
ইয়াৰ পিছতে উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ কাষ চাপে (Directorate of Vigilance and Anti Corruption)। সেই অনুসৰি গুৱাহাটীৰ আয়কৰ ভৱনত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে পূৰ্বৰে পৰা পৰিকল্পনা কৰি জাল পাতে । পৰিকল্পনা অনুসৰি, অভিযোগকাৰীৰ পৰা ৪ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে অভিযাকাৰী দলটোৱে হাতে লোটে কৰায়ত্ব পৰে সহকাৰী আয়কৰ আয়ুক্ত মিনাক্ষী কাকতী কলিতাক ।
লগতে পঢ়ক: Postmortem report reveals: জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা কৰি কি পালে চিকিৎসকে ?