Local, Vocal, Global

Government Employees dearness Allowance Hiked :ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ; বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ

নিউজ ডেস্ক,১৯অক্টোবৰ : ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ । অনতি পলমে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ । সামজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে(Government Employees dearness Allowance Hiked)।

শুকুৰবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও মৰগীয়া বানচ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ অসম আৰু মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(Government Employees In This State, Dearness Allowance Hiked)।

মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,”মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হৈছে । কিছুদিন পূৰ্বে ২৫ হাজাৰ যুৱক-যুৱতীক আমি ২ লাখ টকাৰ আৰ্থিক সাহায্যৰ প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা আগবঢ়াইছো । যাৰ যোগেদি তেওঁলোক স্বাৱলম্বী হ’ব । আমি এইবছৰেই ১ লাখ যুৱক-যুৱতীক এই আঁচনিখনৰ অধীনলৈ আনিব বিচাৰিছোঁ । তাৰ বাবেই বাকী ৭৫ হাজাৰ যুৱক-যুৱতীৰ আবেদনৰ বাবে প’ৰ্টেল মুকলি কৰা হৈছে । ২৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ উদ্যমী যুৱক-যুৱতী সকলে ইয়াত আবেদন কৰিব পাৰিব ।”

লগতে মিছন বসুন্ধৰা ৩.০ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে , “অহা ২০ অক্টোবৰত মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰা হ’ব । প্ৰথম দুটা সংস্কৰণৰ যোগেদি ১০ লাখতকৈ অধিক পৰিয়ালে নিজৰ ভূমিৰ ওপৰত অধিকাৰ লাভ কৰিলে । তৃতীয় সংস্কৰণত অৱশিষ্ট যিসকল পৰিয়ালে ভূমিৰ অধিকাৰ লাভ কৰা নাই তেওঁলোকক ভূমিৰ অধিকাৰ দিবলৈ প্ৰচেষ্টা কৰিম । এইবাৰ ব্যক্তিগত পৰিয়ালৰ মাটিৰ উপৰি সামাজিক অনুষ্ঠান সমূহক মাটিৰ পট্টা প্ৰদানৰ ওপৰত গুৰুত্ব দিছো । গুৱাহাটীৰ পাহাৰ অঞ্চলত বাস কৰা লোকসকলক মাটিৰ পট্টা আমি দিয়াৰ পাছতো প্ৰিমিয়াম বহুত হোৱা বাবে তেওঁলোকে মাটিৰ পট্টা গ্ৰহণ কৰিব পৰা নাছিল । বসুন্ধৰা ৩.০ত আমি প্ৰিমিয়াম যথেষ্ট হ্ৰাস কৰিছো ।”

লগতে পঢ়ক : Benjamin Netanyahus House Attacked: ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণৰ আক্ৰমণ