Watch | Gosaigaon AIUDF: বাংলাদেশী খেদাৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰদান AIUDF ৰ
গোসাইগাওঁ : বাংলাদেশী খেদাৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ পৰিপ্ৰেক্ষিতত আজি এআইইউডিএফ দলৰ কোকৰাঝাৰ জিলা সমিতিয়ে আজি ভাৰতৰ ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত উপস্থিত থাকে দলৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আনোৱাৰ হোছেইন, সম্পাদক ফখৰুদ্দিন আহমেদ, সম্পাদক (সাংগঠনিক) মমৰুদ জামাল, দলৰ যুব মৰ্চাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ছাহানুৰ হক, সম্পাদক আয়নাল হক, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী মফিদা বেগম উপস্থিত থাকে।