Watch | Goreswar 174 No Mokoldonga Primary School: ৰাজ্যত অব্যাহত আছে চৰকাৰী বিদ্যালয়ৰ শ্মশান যাত্ৰা

গোৰেশ্বৰ : চৰকাৰে ৰাজ্যৰ শিক্ষা খণ্ডৰ ব্যাপক উন্নয়ন সাধন কৰা বুলি ঢাক ঢোল বজায় থকাৰ সময়তে গোৰেশ্বৰত এখনৰ পিছত এখন চৰকাৰী বিদ্যালয়ৰ অপমৃত্যু ঘটাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।
কিছুদিন পূৰ্বে বিটিআৰ চৰকাৰে গোৰেশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১৭৬ নং ৰামছাঝাৰ প্ৰাথমিক বিদ্যালয়ক চিৰদিনৰ বাবে বন্ধ কৰি দিয়াৰ পিছত একেটা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৭৪ নং মোকলডোঙা প্ৰাথমিক বিদ্যালয়খনো অলপতে বন্ধ কৰি দিয়ে। বানপীড়িত অঞ্চলত থকা এই বিদ্যালয়খন বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰি দিয়াত ইয়াৰ কণকণ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া ২কিলোমিটাৰ দূৰৈৰ বিদ্যালয়খনলৈ ঢাপলি মেলিব লগা হৈছে। প্ৰায় ২৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী পাঠদান কৰি থকা এই বিদ্যালয়খন বন্ধ কৰি দিয়াৰ পিছতে দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
বন্ধ হোৱা বিদ্যালয়খন খোলাৰ বাবে যোৱা কেইদিনত ইটৈৰ পিছত সিটো কাৰ্যালয়ত গৈও কোনো সুফল নোপোৱাত স্থানীয় ৰাইজে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ চেষ্টা কৰিছে। ২০০৯চনৰ শিক্ষা অধিকাৰ আইন অনুসৰি দূৰ্গম অঞ্চলত থকা বিদ্যালয় যিহেতু একত্ৰিকৰণৰ আওঁতাত নপৰে সেয়ে ১৯৪৩চনত প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খন পুনৰ খোলাৰ ব্যবস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।