ড০ ভূপেন হাজৰিকাক ‘ডুডল’ৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন গুগলৰ
নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় । বৃহস্পতিবাৰে গুগলে (Google) কিংবদন্তি অসমীয়া গায়ক, গীতিকাৰ, সংগীতজ্ঞ, কবি, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা ড০ ভূপেন হাজৰিকাক (Dr. Bhupen Hazarika) তেওঁৰ ৯৬ তম জন্ম জয়ন্তীত ইয়াৰ স্বাক্ষৰ ‘ডুডল’ৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
গুগল ডুডলত (Google Doodle ) কিংবদন্তি গায়কজনে হাৰমনিয়াম বজাই থকা দেখুওৱা হৈছে। ইয়াক মুম্বাইস্থিত অতিথি শিল্পী ৰুতুজা মালীয়ে (Rutuja Mali) সৃষ্টি কৰিছিল।
সুধাকন্ঠ নামেৰে জনাজাত, ভূপেন হাজৰিকাই ছয় দশকজুৰি চলি থকা কেৰিয়াৰত শ শ চলচ্চিত্ৰত কাম কৰিছে। ২০১১ চনত মৃত্যু হোৱা হাজৰিকাই ১৯৬৭ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত অসম বিধানসভাত বিধায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত জন্মগ্ৰহণ কৰা হাজৰিকা ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ জীৱনৰ গীত আৰু লোককাহিনীৰ পৰিৱেশত ডাঙৰ দীঘল হৈছিল। উল্লেখ্য যে, তেওঁৰ প্ৰথম গানটো ১০ বছৰ বয়সত ৰেকৰ্ড কৰা হৈছিল।
১৯৪২ চনত কলাত মধ্যৱৰ্তী আৰু ১৯৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ (BHU) পৰা এমএ সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় য’ত তেওঁ পাঁচ বছৰ নিউয়ৰ্কত বাস কৰিছিল আৰু ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণ যোগাযোগত (Mass Communication) ডক্টৰেট (PhD) সম্পূৰ্ণ কৰিছিল।
পঢ়া শেষ কৰাৰ পিছত, তেওঁ গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ত গান গাবলৈ আৰম্ভ কৰে, য’ত তেওঁ বাংলা গানবোৰ হিন্দীলৈ অনুবাদ কৰি সেইবোৰ গাইছিল।
তেওঁ গানৰ জৰিয়তে কাহিনী বৰ্ণনা কৰাৰ শৈলীৰে পিছৰ বছৰবোৰত অসংখ্য ৰচনা সৃষ্টি কৰিছিল। তেওঁৰ বেছিভাগ গানতে সুখ আৰু শোক, একতা আৰু সাহস, ৰোমাঞ্চ আৰু একাকীত্ব আৰু লগতে বিবাদ আৰু সংকল্পৰ কাহিনী আছিল।
তেওঁকসংগীত আৰু সংস্কৃতিলৈ তেওঁৰ অসামান্য অৱদানৰ বাবে , সংগীত নাটক একাডেমী বঁটা, দাদাচাহেব ফালকে বঁটা, পদ্মশ্ৰী আৰু পদ্মভূষণকে ধৰি কেইবাটাও সন্মানীয় স্বীকৃতি প্ৰদান কৰা হৈছে ।
২০১৯ চনত, তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল।