Local, Vocal, Global

অভিশপ্ত ৮ ছেপ্টেম্বৰ ! মাজুলীবাসীয়ে কি পালে কি হেৰুৱালে!

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : আজি অভিশপ্ত ৮ ছেপ্টেম্বৰ । ২০২১ বৰ্ষৰ আজিৰ দিনটোতেই বিয়লি ৪ বজাত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ চুড়ান্ত গাফিলতি তথা কাণ্ডজ্ঞান হীনতাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল এক শোকাৱহ নাও দূৰ্ঘটনা (Nimatighat Boat Accident) ।

নিমাতী ঘাটৰ (Nimati Ghat) সমীপত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এখন ব্যক্তিগত একক ইঞ্জিন চালিত ফেৰী “মা-কমলা” আৰু এখন দ্বৈত ইঞ্জিন যুক্ত আভ্যন্তৰিণ জল পৰিবহণ নিগমৰ অধীনৰ মাৰনাওঁ “টিপকাই”ৰ সংঘৰ্ষত (Nimatighat Boat Accident) অকালতে মৃত্যক সাৱটি ল’ব লগীয়া হয় পৰিমিতা দাস, বিক্ৰমজিত বৰুৱা আৰু ইন্দ্ৰেশ্বৰ বৰা নামৰ তিনিগৰাকীকৈ ব্যক্তিয়ে ।

যাত্ৰীসকলৰ মৰণকাতৰ আৰ্তনাদ, জীয়াই থকাৰ বাবে কৰা চেষ্টাই যেন উদঙাই গ’ল দীৰ্ঘদিন দক্ষিণ পাৰৰ লগত মাজুলী (Majuli)বাসীয়ে ভোগ কৰি অহা কষ্টৰ জীয়া ছবিখন ।

সেই দুৰ্ঘটনাতেই অনাকাংক্ষিত মৃত্যুক আঁকোৱালিব লগা হৈছিল ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপীকা পৰিমিতা দাসে। আজি তেওঁলোকৰৰ মৃত্যু বাৰ্ষিকীত তেওঁলোকলৈ যাচিচো অকৃত্ৰিম শ্ৰদ্ধা আৰু সেৱা । আপোনালোক যতেই আছে কুশলে থাকক ।

আন তদন্তবোৰৰ দৰেই এই শোকাৱহ দূৰ্ঘটনাও পাহৰণিৰ গৰ্ভত বিলীন । কিন্তু আৰু কিমান দিনলৈ মাজুলীবাসীয়ে এই দুৰ্ভোগ ভোগ কৰিব লাগিব ? কেতিয়া সম্পূৰ্ণ হ’ব মাজুলীবাসীৰ সপোনৰ দলংখন (Jorhat-Majuli Bridge)?