ভাল খবৰ। ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলৰ বাবে বিশেষ ৰেহাই ঘোষণা চৰকাৰৰ
নিউজ ডেস্ক, ১৫ মে’- ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলৰ বাবে জৰুৰী খবৰ। বিদ্যুৎ গ্ৰাহকৰ বাবে বিশেষ ৰেহাই ঘোষণা কৰিছে চৰকাৰে।
৩ মাহৰ অধিক দিন বিদ্যুৎ বিল অনাদায় হৈ থকা গ্ৰাহকে লাভ কৰিব এই বিশেষ ৰেহাই। অনাদায় মাছুলৰ ওপৰত চৰকাৰে অধিশুল্ক ৰেহাই কৰিছে। এই আচঁনিৰ জৰিয়তে ১০০ শতাংশ অধিশুল্ক ৰেহাই ঘোষণা।
৩০ এপ্ৰিললৈ ৩ মাহ বা ৩ মাহৰো অধিক বকেয়া থকা গ্ৰাহকে লাভ কৰিব এই বিশেষ ৰেহাই। নিয়মীয়া, টিডিচি আৰু পিডিচি এল টি ঘৰুৱা গ্ৰাহকৰ বাবে এই ৰেহাই ঘোষণা।
৩১ মাৰ্চলৈ অন্যান্য টিডিচি গ্ৰাহকৰ বাবে দুয়োটা এলটি আৰু এইচ টি শ্ৰেণীৰ বাবে এই আঁচনি।
৩০ মে’লৈকে বৈধ এই অধিশুল্ক ৰেহাই আচঁনি । অধিশুল্ক ৰেহাই আচঁনিৰ এককালীন নিষ্পত্তিকৰণৰ ব্যৱস্থা চৰকাৰৰ।