Local, Vocal, Global

আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মাণিক সাহাই

নিউজ ডেস্ক, ১৫ মে’- ত্ৰিপুৰাৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন (Change in political scenario of Tripura) ৷ আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মাণিক সাহাই।

বিধানসভা নিৰ্বাচনলৈ ১০ মাহ বাকী থকা অৱস্থাতেই সলনি হ’ল ত্ৰিপুৰাৰ ৰাজনৈতিক দৃশ্যপট। বিপ্লৱ কুমাৰ দেৱক আঁতৰাই মাণিক সাহাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।

২০১৮ চনৰ মাৰ্চ মাহৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল বিপ্লৱ কুমাৰ দেৱে৷ মুখ্যমন্ত্ৰী হিচাপে চাৰি বছৰ অতিবাহ কৰাৰ পিছত, বিপ্লব দেৱে শনিবাৰে পদত্যাগ কৰে।

উল্লেখ্য যে, মাণিক সাহাই কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ২০২০ চনত তেওঁ ত্ৰিপুৰা বিজেপি শাখাৰ সভাপতি হিচাপে নিযুক্ত হৈছিল।