Good news for grade iii and grade iv employees:ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ
নিউজ ডেস্ক,২ফেব্ৰুৱাৰী : ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ।
কেন্দ্ৰীয় বাজেটৰ পিছতে আশাৰ খবৰ আহিল ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ।
এতিয়াৰে পৰা ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব নালাগে আয়কৰ।
কেন্দ্ৰীয় বাজেটত ১২লাখ টকালৈ আয়ৰ ৰেহাই হ’ব বুলি ঘোষণা।
উল্লেখ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে দাখিল কৰে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। পুৱা ১১ বজাত লোকসভাত সাধাৰণ বাজেট দাখিল কৰে বিত্তমন্ত্ৰীয়ে। এই বাজেটত চৰকাৰী কৰ্মচাৰীৰ পৰা কৃষকলৈ চৰকাৰৰ ডাঙৰ সকাহ(Good news for grade iii and grade iv employees) ।
আয়কৰ ৰেহাই প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘‘এইবাৰৰ বাজেটৰ মুখ্য দিশ হৈছে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ বাবে সকাহ। ১২ লাখ টকালৈকে কোনো লোকে আয়কৰ দিব নালাগে।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ‘‘১২ লাখ টকালৈকে আয়কৰ ৰেহাই দিয়াৰ অৰ্থ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কোনো কৰ্মচাৰীয়ে এতিয়া আয়কৰ দিব নালাগে।’’
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘‘যিসকলে মাহত ১লাখ টকা দৰমহা পায়, সেইসকল লোকেহে দিব লাগিব আয়কৰ। ইয়াৰ ৰাজ্যৰ বহুসংখ্য চৰকাৰী কৰ্মচাৰীয়ে এতিয়া আয়কৰৰ আওতাৰ পৰা বাহিৰত আহিব।’’
লগতে পঢ়ক :Ganesh Puja : আজি গণেশ পূজা;ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত ভক্তৰ ভিৰ