Local, Vocal, Global

aloe vera benefits for skin:জানি লওক এল’ভেৰাৰ গুণাণন

২ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক : ছালৰ বাবে এলোভেৰা বহু উপকাৰী
এল’ভেৰাই আপোনাৰ ছালখনক ধুনীয়া কৰাই নহয়, দীৰ্ঘসময়ৰ বাবে স্বাস্থ্যৱান কৰি ৰাখিব। ইয়াক আপোনাৰ ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰক আৰু পাৰ্থক্য নিজেই অনুভৱ কৰক। নিমিষতে দূৰ হ’ব ছালৰ সকলো সমস্যা । এল’ভেৰা আৰু নাৰিকল তেল দুয়োটাকে ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। এইবোৰে আপোনাৰ ছাল ধুনীয়া আৰু উজ্জ্বল কৰাৰ লগতে ছালৰ বহুতো সমস্যা দূৰ কৰাত সহায় কৰে। এল’ভেৰাত এণ্টিঅক্সিডেণ্ট, বিটা-কেৰোটিন, ভিটামিন চি আৰু ই থাকে, যিয়ে ছালক পুষ্টি প্ৰদান কৰে।ইফালে,এল’ভেৰা হৈছে এক উৎকৃষ্ট প্ৰাকৃতিক ময়েশ্চাৰাইজাৰ।
মুখত এল’ভেৰা আৰু নাৰিকল তেল প্ৰয়োগ কৰাৰ লাভালাভ জানো আহক-

ব্রণৰ পৰা পৰিত্ৰাণ
এল’ভেৰাত থকা ভিটামিন চি, ই আৰু এণ্টিঅক্সিডেণ্টে ব্ৰণৰ প্ৰদাহ হ্ৰাস কৰে আৰু আঘাত দ্ৰুততাৰে আৰোগ্য কৰাত সহায় কৰে।

ছাল উজ্জ্বল
এল’ভেৰা আৰু নাৰিকল তেলৰ নিয়মীয়া ব্যৱহাৰে মুখৰ দাগ পাতল কৰাৰ লগতে ছানবাৰ্ণ, টেনিং আৰু ৰঞ্জকতাৰ সমস্যা আঁতৰ কৰে। এই মিশ্ৰণটোৱে ছালৰ পৰিস্কাৰ কৰি মুখমণ্ডললৈ প্ৰাকৃতিক উজ্জ্বলতা অনাত সহায় কৰে।

বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰা
এল’ভেৰা ছাল টান কৰে, যাৰ ফলত কোঁচ, সূক্ষ্ম ৰেখা আৰু খোলা ছিদ্ৰৰ সমস্যা হ্ৰাস হয়। ই বয়স বৃদ্ধিৰ প্ৰাৰম্ভিক লক্ষণবোৰ হ্ৰাস কৰে আৰু ছালখনক সতেজ কৰি ৰাখে।

শুকান ছালৰ পৰা সকাহ
শীতকালত শুকান ছালৰ সমস্যা সচৰাচৰ হয়। নাৰিকল তেল, এল’ভেৰাই শুকান ছালক গভীৰভাৱে ময়শ্চাৰাইজ কৰি শুকান ছাল, ওঠ আৰু শালমইনাৰ সমস্যা আঁতৰ কৰে আৰু ছালখনক কোমল কৰে।