Local, Vocal, Global

মৰিয়নীত গ্ৰেপ্তাৰ সোণ চোৰাং ব্যৱসায়ী

নিউজ ডেস্ক, ৭ জুলাই : বৃহস্পতিবাৰে যোৰহাট জিলাৰ মৰিয়নীত গ্ৰেপ্তাৰ হয় দুজন সোণৰ চোৰাং ব্যৱসায়ী ।

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে চলোৱা অনুসন্ধান অভিযানত দুজন সোণৰ চোৰাং ব্যৱসায়ী গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

আৰক্ষীৰ মন্তব্য অনুসৰি, যোৰহাটৰ মৰিয়নি ৰে’ল জংচনত ৰখাই থোৱা নিম্ন অসম অভিমুখী এখন ৰে’লত আৰক্ষীয়ে তালাচী অভিযান চলাই জব্দ কৰে সোণখিনি।

উল্লেখ্য যে, জব্দ কৰা সোণখিনিৰ ওজন ৬৫০ কিলোগ্ৰামতকৈও অধিক। অৱশ্যে, চোৰাং ব্যৱসায়ীসকলে সোণ পৰিবহন কৰা ঠাইখনৰ বিষয়ে বৰ্তমান সময়লৈকে প্ৰকাশ কৰা নাই।

আনহাৰে, গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী দুজনক Prasanjit Ghosh ওৰফে বাপ্পী আৰু Pratap Debnath বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে বৰ্তমান তেওঁলোকক জেৰা অব্যাহত ৰাখিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে পোহৰলৈ আহিব অধিক তথ্য ।