Local, Vocal, Global

কৰ্মৰ সন্ধানত কেৰেলালৈ যোৱা পিতৃ পুত্ৰৰ মৃত্যু

নিউজ ডেস্ক, ৭ জুন : বুধবাৰে সন্ধিয়া কেৰালাৰ Kannurৰ ওচৰৰ এটা ঘৰত হোৱা বিস্ফোৰণত নিহত হয় অসমৰ পিতৃ-পুত্ৰৰ ।

মৃত পিতৃ-পুত্ৰক বৰপেটা জিলাৰ সৰভোগৰ বাসিন্দা ফজল হক (৪২) আৰু তেওঁৰ পুত্ৰ শ্বাহিদুল (২২) বুলি চিনাক্ত কৰা হৈছে ।

কেইমাহমান আগতে তেওঁলোক কৰ্মৰ সন্ধানত কেৰালালৈ গৈছিল আৰু আন পাঁচজন শ্ৰমিকৰ সৈতে Mattannurৰ এটা ভাড়াঘৰত বাস কৰিছিল।

পিতৃ আৰু পুত্ৰৰ লগতে বাকী শ্ৰমিকসকল স্ক্ৰেপৰ সামগ্ৰী সংগ্ৰহত নিয়োজিত আছিল।

বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হোৱা বিস্ফোৰণত ঘৰটো আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ফজল হক ঘটনাস্থলীত নিহত হয় আৰু বিস্ফোৰণৰ শব্দ শুনি ঘটনাস্থলীলৈ অহা স্থানীয় লোকসকলে আঘাতপ্ৰাপ্ত শ্বাহিদুলক মাত্তান্নুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁ চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত মৃত্যুবৰণ কৰে।

অৱশ্যে, বিস্ফোৰণৰ কাৰণ এতিয়ালৈকে জনা হোৱা নাই। এইটো ধাৰণা কৰা হয় যে স্ক্ৰেপৰ সামগ্ৰীবোৰত সংগ্ৰহ কৰা কিছুমান বিস্ফোৰকৰ ফলতে বিস্ফোৰণটো সংঘটিত হৈছিল।