Gold Seized in Mumbai Airport: মুম্বাই বিমানবন্দৰত জব্দ ১০ কেজি সোণ, চাৰিজনক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ৫ জুন: মুম্বাই বিমানবন্দৰত জব্দ হৈছে ১০ কেজি সোণ । জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৬.২ কোটি টকা । পৃথকে পৃথকে চলোৱা দুটা অভিযানত এই বৃহৎ পৰিমাণৰ সোণখিনি জব্দ কৰা হৈছে । সোণখিনিৰ লগতে মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে (DRI Seizes 10 Kg Of Gold At Mumbai Airport) ।
ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (Directorate of Revenue Intelligence)ৰ পৰা পোৱা তথ্য অনুসৰি, প্ৰথমটো ঘটনাত শ্বাৰজাহৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখনৰ দুজন যাত্ৰীক চোৰাংচোৱাৰ খবৰৰ ভিত্তিত আটক কৰা হয় । ইয়াৰ পিছতে এই দুই যাত্ৰীক চলোৱা তালাচীত কঁকালত কাপোৰেৰে বান্ধি লুকুৱাই অনা অৱস্থাত ২৪ কেৰেটৰ আঠডাল সোণৰ দণ্ড উদ্ধাৰ হয় ( Gold bars of 24 karat) । পৰৱৰ্তী সময়ত ৮ কেজি ওজনৰ এই সোণখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰী দুয়োজন লোকক গ্ৰেপ্তাৰ কৰে । তেওঁলোকৰ লগত আৰু এজন যাত্ৰী আছিল । ৰাজহ চোৰাংচোৱা বিভাগৰ বিষয়াসকলে তেওঁকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা সোণখিনিৰ বজাৰ মূল্য ৪.৯৪ কোটি টকা বুলি জানিব পৰা গৈছে ।

আনহাতে দ্বিতীয়টো ঘটনাত ডুবাইৰ এজন ভাৰতীয় নাগৰিকক মুম্বাই বিমানবন্দৰত আটক কৰা বুলি ৰাজহ চোৰাংচোৱা বিভাগে প্ৰকাশ কৰিছে (Chhatrapati Shivaji Maharaj International Airport)। তালাচীৰ সময়ত যাত্ৰীগৰাকীৰ লাগেজত মহিলাসকলে ব্যৱহাৰ কৰা ৫৬টা বেগ উদ্ধাৰ কৰে । লাগেজত ৰখা ৫৬টা বেগৰ পৰা ধাতুৰ তাঁৰৰ আকাৰত অনা বৃহৎ পৰিমানৰ ২৪ কেৰেটৰ সোণ উদ্ধাৰ কৰা হয় । ধাতুৰ তাঁৰৰ আকাৰত অনা সোণখিনিৰ মুঠ ওজন ২০০৫ গ্ৰাম, যাৰ বজাৰ মূল্য প্ৰায় ১ কোটি ২৩ লাখ ৮০ হাজাৰ ৮৭৫ টকা বুলি জানিব পৰা গৈছে । ইতিমধ্যে এইজন লোককো ৰাজহ চোৰাংচোৱা বিভাগে গ্ৰেপ্তাৰ কৰিছে ।
ৰাজহ চোৰাংচোৱা বিভাগৰ তথ্য অনুসৰি পূৰ্বৰে পৰা তেওঁলোকৰ দ্বাৰা সোণৰ চোৰাং সৰবৰাহ কৰাৰ গোপন তথ্য আছিল। এই বাবেই এই দুয়োটা অভিযান অতি কম সময়ৰ ভিতৰতে দ্ৰুতগতিত সম্পূৰ্ণ হৈছে । ইফালে যিকেইজন লোক ধৰা পৰিছে তেওঁলোক প্ৰত্যেকেই একোগৰাকী উচ্চ শিক্ষিত লোক, যি ৰাজহ চোৰাংচোৱা বিভাগৰ বিষয়াসকলক আচৰিত কৰি তুলিছে । বিষয়াসকলৰ মতে নিখুট পৰিকল্পনা কৰিয়েই এই কাম কৰা হৈছিল, যাতে কোনোপধ্যেই সৰবৰাহকাৰীকেইজনক সন্দেহজনক লোক যেন দেখা পোৱা নাযায় ।
লগতে পঢ়ক : Hemkund Sahib Yatra Uttarakhand : উত্তৰাখণ্ডৰ চামোলীত হিমস্খলনৰ ফলত মৃত্যু এগৰাকী মহিলাৰ