Gold biscuits Recovered from Lanka Hotel : লংকাত উদ্ধাৰ সোণৰ বিস্কুট
নিউজ ডেস্ক,১৬জুন : লংকাত উদ্ধাৰ সোণৰ বিস্কুট। শনিবাৰে নিশা লংকা আৰক্ষীৰ ময়ুৰ হোটেলৰ ১০৩ নং কোঠাত অভিযান । অভিযানত দুখন সোণৰ বিস্কুট আৰু নগদ ৯লাখ টকা উদ্ধাৰ ।
লগতে উক্ত ঘটনাৰে জড়িত থকাৰ সন্দেহত মহাৰাষ্ট্ৰৰ কিষান কৌৰা, ৰাজেন্দ্ৰ আৰু গজেন্দ্ৰ নামৰ ৩জন লোকক আটক কৰে(Gold biscuits Recovered from Lanka Hotel)।
ময়ূৰ হোটেলৰ মেনেজাৰগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি দুদিন পূৰ্বে এজন লোকে হোটেলৰ কোঠা ভাড়া লৈছিল। তাৰ পিছতে বাকী দুজন লোক পৰৱৰ্তী সময়ত ভাড়া লোৱা লোকজনৰ সৈতে একেলগে থাকিব লয়।
উল্লেখ্য যে, আৰক্ষীয়ে জব্দ কৰা বিস্কুটকেইখন সোণৰ নে আন কিবা ধাতুৰ বৰ্তমানলৈ জানিব পৰা হোৱা নাই । ইফালে সুদূৰ মহাৰাষ্ট্ৰৰ পৰা কেনেদৰে এই সোণৰ বিস্কুট দুটা আৰক্ষীৰ চকুত ধূলি দি তিনি ধৃতই লংকালৈ আনিলে সেয়াও ৰহস্যৰ বিষয় হিচাপে চৰ্চিত হৈছে।
লগতে পঢ়ক : Dergaon Road Accident : ৫ মাহৰ পাছত ৰাজ্য কঁপোৱা দেৰগাঁৱৰ পথ দুৰ্ঘটনাৰ অভিযোগনামা দাখিল