Local, Vocal, Global

Dergaon Road Accident : ৫ মাহৰ পাছত ৰাজ্য কঁপোৱা দেৰগাঁৱৰ পথ দুৰ্ঘটনাৰ অভিযোগনামা দাখিল

নিউজ ডেস্ক,১৬জুন : ৫ মাহৰ পাছত ৰাজ্য কঁপোৱা দেৰগাঁৱৰ পথ দুৰ্ঘটনাৰ অভিযোগনামা দাখিল।

তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি গোলাঘাট আদালতত অভিযোগনামা দাখিল দেৰগাঁও আৰক্ষীৰ।

অভিযোগনামাত সন্নিৱিষ্ট ১৭ গৰাকী বিল্ডাৰ্ছৰ নাম।ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰীৰ বিৰুদ্ধে দাখিল অভিযোগনামা।

সঠিক পথ নিৰ্দেশনা নথকাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ(Dergaon Road Accident)।

উল্লেখ্য যে,৩ জানুৱাৰীত দেৰগাঁৱত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা । যি দুৰ্ঘটনাই কপাঁই গৈছিল ৰাজ্যবাসীক । বনভোজলৈ যোৱা বাছ এখন কয়লা ভৰ্তি ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈছিল ফলত নিহত হৈছিল ১৪জনকৈ লোক,আহত হৈছিল কেইবাগৰাকী লোক । গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিল ৪৫জনীয়া এটা দল। বগীবিলত বনভোজ খোৱাৰ কথা আছিল এই দলটোৱে। কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই আদবাটতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন।

এই শোকাৱহ পথ দুৰ্ঘটনাত পিছত ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। শোকত ভাঙি পৰিছিল প্ৰতিগৰাকী অসমবাসী। তৎমুহূৰ্ততে এখন গাঁৱলৈ নামি আহিছিল ঘোৰ অমানিশা। শোকাৱহ পথ দুৰ্ঘটনাত একেগাঁৱৰে ১৪গৰাকীকৈ লোক নিহত হৈছিল। আনাহতে চিৰদিনৰ বাবে ঘূণীয়া হৈ ৰ’ল প্ৰায় ২০গৰাকীতকৈও অধিক লোক। এতিয়া বছাভৰলুৱা গাঁওবাসীয়ে পাহৰিব পৰা নাই শোকাৱহ ঘটনাটো।

লগতে পঢ়ক : Cracks take toll on flying bridge : মুকলি কৰাৰ ৬মাহ হওঁতেই ফাঁট মেলিল গড়চুক উৰণ সেতুৰ