Local, Vocal, Global

নগাৰ আগ্ৰাসন ৰোধিবলৈ আগবাঢ়ি আহিল বিজেপি কৰ্মী

মেৰাপানী সীমান্তত এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণত নগাই বাধা আৰোপ কৰাত এতিয়া  জাঙুৰ খাই উঠিছে গোলাঘাটৰ বিজেপি কৰ্মীসকল। মেৰাপানী টাউনৰ পৰা ক’লাজান সংযোগী পকীপথটোৰ পুনৰ নিৰ্মাণ কাৰ্য্য সীমান্তৰ স্থিতাৱস্থাৰ দোহাই দি নগা প্ৰশাসনে বিগত ৩০ জুন তাৰিখে বন্ধ কৰি দিছিল পকীপথটোৰ পুনৰ নিৰ্মাণৰ কাম । তাকে লৈ নগা আৰু নগাৰ আজ্ঞাবাহী নিৰপেক্ষ বাহিনী চি আৰ পি এফৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল অসমৰ দল সংগঠন। অসমীয়া ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ ফলত পৰৱৰ্তী সময়ত দোয়ো ৰাজ্যৰ প্ৰশাসনে আলোচনাত মিলিত হৈছিল যদিও, সমাধান সূত্ৰ ওলোৱা নাছিল। শুকুৰবাৰে  নগাৰ এই কৌশলী বাধা ওফৰাবলৈ আগবাঢ়ি আহিল গোলাঘাটৰ বিজেপি নেতা বিতোপন শইকীয়াৰ নেতৃত্বত বিজেপিৰ এটা বৃহৎ দল। স্থানীয় ৰাইজৰ সহযোগত বিজেপি কৰ্মীসকলে নগাৰ বাধা ওফৰাই শুকুৰবাৰে  পুৱাই পুনৰ আৰম্ভ কৰে পথটোৰ নিৰ্মাণ কাৰ্য্য। বিজেপি নেতা বিতোপন শইকীয়াই নগাক ভৱিষ্যতে এনে দুষ্কাৰ্য্যৰ পৰা আঁতৰি থাকিবলৈ সকিয়নী প্ৰদান কৰে। ইফালে নিৰপেক্ষ বাহিনীৰ পক্ষপাতমূলক আচৰণকো গৰিহণা দিছে সীমান্তবাসী অসমীয়া ৰাইজে। পথটোৰ পুনৰ নিৰ্মাণ কাৰ্যকলৈ অনাগত সময়ত গোলাঘাট জিলা প্ৰশাসনে কেনে ভূমিকা লয়,সেয়াহে লক্ষনীয় হ’ব।