Local, Vocal, Global

গোলাঘাটত ভয়ংকৰ ৰূপত কৰ’নাৰ গণ সংক্ৰমণ

গোলাঘাটত দিনক দিনে বৃদ্ধি পাব ধৰিছে গণ সংক্ৰমণৰ ঘটনা ৷ গোলাঘাটত গণ সংক্ৰমণৰ অভিকেন্দ্ৰ গোলাঘাট নাৰ্ছিং হোমত ৰোগীৰ খবৰ কৰিবলৈ অহা ৬গৰাকীকৈ লোক ক’ভিড-১৯ত আক্ৰান্ত ৷ পজিটিভ ৬গৰাকী লোক নাৰ্ছিং হোমখনত ভৰ্তি হৈ থকা ৰোগীৰ খবৰ ল’বলৈ আহিছিল। উল্লেখ্য যে কোৱাৰেন্টিনত থাকি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ক’ভিড টেষ্টৰ বাবে স্বোৱাব গ্ৰহণ কৰা MMU তথা NHMৰ লেব টেকনিচিয়ান দুজনে গোপনে গোলাঘাট নাৰ্ছিং হোমৰ লেৱ’ৰেটৰীত কাম কৰি আহিছিল। ১৩ জুনলৈকে ব্যক্তিগত নাৰ্ছিং হোমখনত গোপনে কাম কৰাৰ পিঠত ১৪ জুনত দুই লেব টেকনিচিয়ানৰ ক’ভিড পজিটিভ ধৰা পৰে। লেব টেকনিচিয়ান দুজনৰ ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতে ব্যক্তিগত নাৰ্ছিং হোমখনৰ চিকিৎসাকৰ্মী, সুৰক্ষাকৰ্মী, চিকিৎসক, ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ স্বোৱাব গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে। নাৰ্ছিং হোমখনৰ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকক কৰা হৈছিল হোম কোৱাৰেণ্টাইন। স্বোৱাব সংগ্ৰহ কৰা প্ৰথম পৰ্যায়ত ৫গৰাকী পজিটিভ অহাৰ পিছত হোম কোৱাৰেণ্টাইন হৈ থকা পুনৰ ৬গৰাকী লোকৰ দেহত কভিড-১৯ ধৰা পৰে। বৰ্তমানপৰ্যন্ত গোলাঘাট নাৰ্ছিং হোমৰ পৰা ১৩গৰাকীকৈ লোকৰ দেহত কভিড-১৯ৰ সংক্ৰমণ বিয়পে। গোলাঘাট প্ৰশাসনে নাৰ্ছিং হোমৰ restricted zone উঠাই লোৱাৰ পৰিৱৰ্তে নাৰ্ছিং হোমখনত থকা সকলো কৰ্মচাৰীক হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰি ৪৮ ঘন্টাৰ বাবে নাৰ্ছিং হোমখন ছীল কৰি দিয়ে। আনহাতে গোলাঘাট কুমাৰপট্টি শিৱ মন্দিৰৰ সমীপৰ ১০০ মিটাৰ restricted zone সম্পূৰ্ণৰূপে উঠাই দিয়ে।