Local, Vocal, Global

Watch | Gohpur news: গহপুৰত ভতিজাৰ বিয়া খাবলৈ গৈ শংকৰ সংঘৰ পৰা এঘৰীয়া হল দুই ভাতৃ

গহপুৰ: গহপুৰত পুনৰ বিতৰ্কত সাঙোৰ খাইছে শংকৰ সংঘৰ ১ নং ডলা প্ৰাথমিক ৷গহপুৰৰ দুগৰাকী ভাতৃৰ অভিযোগ শংকৰ সংঘৰ ১ নং ডলা প্ৰাথমিকৰ বিৰূদ্ধে ৷ ভতিজাৰ বিয়ালৈ যোৱাৰ বাবেই শংকৰ সংঘৰ পৰা এঘৰীয়া কৰিলে দিনৌ ভুঞাঁ আৰু শিৱ ভুঞাঁ নামৰ দুই ভাতৃক ৷

জানিব পৰা মতে দিনৌ ভুঞাঁ আৰু শিৱ ভুঞাঁ হৈছে শংকৰ সংঘৰ ১ নং ডলা প্ৰাথমিকৰ সদস্য আনহাতে একে ককায়েক কেশৱ ভুঞাঁ হৈছে বৌধিক ধৰ্মৰ যাৰ বাবে ভিজাকৰ বিয়ালৈ যোৱাৰ বাবেই এঘৰীয়া কৰিলে দুই ভাতৃক আনকি শংকৰ সংঘত থকা শিৱ ভুঞাঁৰ খুড়াকৰ মুত্যুৰ সংস্কাৰৰ কামখিনিও ১ মাহ পৰ্যন্ত কৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে উক্ত প্ৰাথমিকটোৰ বিৰুদ্ধে ৷

তাৰোপৰি দিনৌ ভুঞাঁই সংস্কাৰৰ বাবে ঘৰলৈ নিমন্ত্ৰণ দিছিল উক্ত প্ৰাথমিকৰ কেইজনমান ভকতক সেই ভকতকেইজনেও নিমন্ত্ৰণ ৰক্ষা কৰিলে যদিও মা প্ৰসাদ গহণ নকৰি দিনৌ ভুঞাঁক অপমান কৰি গুচি যায় ৷ যাৰ বাবে এতিয়া মুকলি ভাবে শংকৰ সংঘ ত্যাগ কৰি পুনৰ বৌধিক ধৰ্মলৈ ঘুৰি আহিছে দুই ভাতৃয়ে। এতিয়া প্ৰশ্ন হয় ধৰ্মৰ নামত একাংশ ব্যক্তিয়ে এনেধৰণৰ অৰ্থহীন নিতীনিয়ম ৰচী কিছু সাধাৰণ শ্ৰেণীৰ ৰাইজক মানসিক নিৰ্যাতন চলোৱা নাইনে ?