Watch | Goalpara Independence Day : গোৱালপাৰাৰ মাটিয়া হাইস্কুলত স্বাধীনতা দিৱস উদযাপন
গোৱালপাৰা : আজি ৭৯ তম্ স্বাধীনতা দিৱস। সমগ্ৰ দেশত উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালে গোৱালপাৰাৰ মাটিয়া হাইস্কুলত স্বাধীনতা দিৱস উদযাপন । ৭৯ সংখ্যক দেশৰ স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডম্বৰুধৰ বৈশ্যই। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীক লৈ এক ৰেলী উলিওৱা হয়। মাটিয়া হাইস্কুল প্ৰাংগণৰ পৰা মাটিয়া বজাৰ লৈ উলিওৱা হয় ৰেলী। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত, নৃত্য আদি প্ৰদৰ্শন কৰা হয়।
লগতে পঢ়ক: Watch | Nalbari news: সমগ্ৰ দেশৰ লগতে শংকৰ মাধৱ হাইস্কুলত ৭৯ তম্ স্বাধীনতা দিৱস পালন