Goalpara administration Evicted : দুধনৈত ধৰ্ষণকাৰীৰ ঘৰত চলিল বুলড’জাৰ
নিউজ ডেস্ক,৩০জুন : এইবাৰ ধৰ্ষণকাৰীৰ ঘৰত বুলড’জাৰ । ধৰ্ষণকাৰীৰ ঘৰত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ । চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি অনৈতিক কাৰ্য কৰাৰ অভিযোগত চলিল বুলড’জাৰ।
দেওবাৰে দুধনৈত অভিযুক্ত ধৰ্ষণকাৰী ধন আলী তালুকদাৰৰ ঘৰ উচ্ছেদ গোৱালপাৰা আৰক্ষীৰ প্ৰশাসনৰ। ঘৰ উচ্ছেদৰ পূৰ্বে টালি টোপোলা বান্ধি ঘৰ এৰিলে ধৰ্ষণকাৰীৰ পৰিয়ালে।
উল্লেখ্য যে, যোৱা ৩ মে’ত দুধনৈত বৈশাগু অনুষ্ঠান চাবলৈ অহা বড়ো সম্প্ৰদায়ৰ দুই যুৱতীক ধৰ্ষণ কৰিছিল তিনি লম্পটে। কিশোৰী দুগৰাকীক ছল কৰি নিচাজাতীয় দ্ৰব্য খুৱাই এখন বাহনত উঠাই নি দুৰ্বৃত্তকেইটাই ওৰে নিশা ধৰ্ষণ কৰিছিল ৩ পাষণ্ডই। ইয়াৰ পিছতেই পিছদিনা পুৱা পদূলিত এৰি পেলাই থৈ গৈছিল দুয়ো নাবালিকাক। ঘটনাৰ পিছতে পৰিয়ালে দুধনৈ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে ধন তালুকদাৰ নামৰ এজন অভিযুক্তক কৰায়ত্ত কৰে যদিও আন দুটা ধৰ্ষণকাৰী পলায়ন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই মাটিয়াৰ দলগোমাত বাহাৰ আলী আৰু ৰহমান আলী নামৰ দুই ধৰ্ষণকাৰীক কৰায়ত্ত কৰিছিল। দুধনৈৰ টাঙাবাৰীত ঘৰ আছিল ধৰ্ষণকাৰীকেইটাৰ(Goalpara administration Evicted)।
ইফালে ধৰ্ষণকাৰী আৰু হত্যাকাৰীৰ ফাঁচী দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল এবছুৱে। কোকৰাঝাৰ চহৰৰ বডোফা ইউ এন ব্ৰহ্ম শিশু উদ্যান প্ৰাংগনত প্ৰতিবাদ সাব্যস্ত কৰিছিল এবছুৱে।