Local, Vocal, Global

GMCHৰ ছাত্ৰ নীমচিং পানমেৰ মৃত্যুৰ ৰহস্য কি?

বৰ্তমানেও ৰহস্যৰ আবৰ্তত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ নীমচিংপেউং পানমেই মৃত্যুৰ ঘটনা। আচলতে GMCHৰ নীমচিংপেউং পানমেৰ মৃত্যু দুৰ্ঘটনা নে আত্মহত্যা বৰ্তমানেও এক বৃহৎ প্ৰশ্নবোধক হৈ আছে। উল্লেখ্য যে  সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ ছাত্ৰাৱাসত উদ্ধাৰ হৈছিল ছাত্ৰগৰাকীৰ মৃতদেহ। নীমচিং পানমে MBBSৰ চুড়ান্ত বৰ্ষ ছাত্ৰ আছিল। ছাত্ৰজনৰ ঘৰ ডিমা হাচাও জিলাৰ মাহুৰত। মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা কৰিছে যদিও বৰ্তমানেও ছাত্ৰজনৰ মৰোণোত্তৰ পৰীক্ষাৰ ফলাফল অহা নাই।

কিন্তু GMCH ৰ অধীক্ষকৰ অভিজিৎ শৰ্মাৰ মন্তব্য অনুসৰি ছাত্ৰজন নিচা আসক্তৰ লগতে নিয়মীয়া ছাত্ৰ নাছিল। আনহাতে ছাত্ৰগৰাকীৰ তৃতীয় বৰ্ষৰ ফলাফল ভাল নাছিল। সন্দেহ কৰা হৈছে ছাত্ৰগৰাকীয়ে মানসিকভাৱে ভাগি পৰি জীৱনৰ চৰম সিন্ধান্ত লৈছে।

বৰ্তমানেও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰু সকলোবোৰ কথা আৰক্ষীৰ তদন্ত সকলোবোৰ কথাই স্পষ্ট হ’ব বুলি GMCH ৰ অধীক্ষকৰ অভিজিৎ শৰ্মাৰ মন্তব্য কৰে। লক্ষ্যণীয়ভাৱে ছাত্ৰজনৰ পৰিয়ালৰ লোকে বৰ্তমানলৈ কোনোধৰণ অভিযোগ দাখিল কৰা নাই।