Girl rescued from borewell dies : কুঁৱাত পৰি মৃত্যু আঢ়ৈ বছৰীয়া শিশুকন্যাৰ

নেশ্যনেল ডেস্ক, ৯ জুন : গাঁৱৰে দ কুঁৱা এটাত পৰি মৃত্যু হয় আঢ়ৈ বছৰীয়া এটি কন্যা শিশু (Girl stuck in borewell)। মঙলবাৰে ৩০০ ফুট দ কুঁৱাট বাগৰি পৰে সৃষ্টি কুমাৰী নামৰ এগৰাকী কণমানি । প্ৰথম অৱস্থাত ৪০ ফুট গভীৰতাত আবদ্ধ হৈ পৰে । কিন্তু পিছত কণমানিজনী পিছলি ১০০ ফুট গভীৰতালৈ নামি যায় ।
মধ্য প্ৰদেশৰ ছিহোৰত মঙলবাৰে বিয়লি প্ৰায় ১ বজাত কুঁৱাত বাগৰি পৰে শিশুটি । ইয়াৰ পিছত মঙলবাৰে সন্ধিয়াৰ পৰা উদ্ধাৰ অভিযান অব্যাহত থাকে । উদ্ধাৰ অভিযানত সেনাবাহিনীকে ধৰি একাধিক সংস্থাৰ কৰ্মীয়ে কিশোৰীগৰাকীক বচাবলৈ চেষ্ঠা কৰে । উদ্ধাৰকাৰীসকলে পাইপৰ জৰিয়তে অক্সিজেন যোগান ধৰা হৈছিল । আনহাতে ৰাতিপুৱাৰ পৰাই অঞ্চলটোত বৰষুণ আৰু গুট্ ছি বতাহৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যাৰ বাবে কণমানিটি উদ্ধাৰত বহু সময় লাগিছিল ।
বুধবাৰে পুৱাৰ ভাগত গুজৰাটৰ পৰা অহা ৰবটিক বিশেষজ্ঞৰ এটা দলে শিশুটিক বচাবলৈ উদ্ধাৰ অভিযানত যোগদান কৰে । শিশুটিৰ অৱস্থাৰ তথ্য সংগ্ৰহৰ বাবে কুঁৱাটোত ৰবট নমাই দিয়া হৈছিল আৰু সেই তথ্যৰ সহায়ত উদ্ধাৰ অভিযানৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে চিন্তা কৰা হয় ।
উদ্ধাৰ অভিযানত জড়িত থাকে সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF) আৰু ৰাজ্যিক দুৰ্যোগ জৰুৰীকালীন সঁহাৰি বাহিনী (SDRF)ৰ জোৱানৰ লগতে ১২টা আৰ্থ-মুভাৰকে ধৰি সঁজুলিও ব্যৱহাৰ কৰা হৈছিল ।
উল্লেখ্য যে বুধবাৰে উদ্ধাৰ অভিযানৰ বাবে অনা সঁজুলিৰ কম্পনৰ বাবে শিশুটি ১০০ ফুট গভীৰলৈ নামি যায় ।
অৱশেষত মঙলবাৰে সন্ধিয়াৰ পৰা ৫০ ঘণ্টাৰো অধিক সময় ধৰি চলা উদ্ধাৰ অভিযানত ১০০ ফুট গভীৰতাৰ পৰা বৃহস্পতিবাৰে বিয়লি ৫:৩০ বজাত উদ্ধাৰ কৰা হয় কণমানিটিক । ৫০ ঘণ্টাৰ যুঁজৰ অন্তত কণমানিটিক উদ্ধাৰ কৰা হয় যদিও জীৱন ৰক্ষা কৰিব পৰা নগ’ল ।
উদ্ধাৰৰ সময়তে শিশুটিৰ অৱস্থা সংকটজনক হোৱা যেন দেখা গৈছিল । অৱশেষত ভয়টোৱে সঁচা হৈ পৰিল। আঢ়ৈ বছৰীয়া মৰমলগা শিশু কন্যাটিক আৰু বচাব পৰা নগ’ল ।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বুধবাৰে জনোৱা মতে, উদ্ধাৰ অভিযানত নিয়োজিত মেচিনৰ ফলত হোৱা কম্পনৰ বাবে প্ৰথমে কিশোৰীগৰাকী ৪০ ফুট গভীৰতাত আবদ্ধ হৈ আছিল যদিও আৰু অধিক তললৈ পিছলি প্ৰায় ১০০ ফুটলৈ নামি যায় । যাৰ বাবে শিশুটিক বচাব পৰা ন’গল ।
লগতে পঢ়ক : 2 Miners Found Dead in Rat Hole Mine : লিডুৰ অবৈধ ‘ৰেট হোল’ খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক