FIR against S.I by Minor Girl : এগৰাকী কিশোৰীক উলংগ কৰি আৰক্ষী বিষয়াই ফটো তোলাৰ গুৰুতৰ অভিযোগ

নিউজ ডেস্ক, ২৯ জুন : নলবাৰীৰ ঘগ্ৰাপাৰ থানাত চাঞ্চল্যকৰ ঘটনা (shocking incident at Ghagrapar police station in Nalbari) । এগৰাকী কিশোৰীক উলংগ কৰি আৰক্ষী বিষয়াই ফটো তোলাৰ গুৰুতৰ অভিযোগ উত্থাপন হাছে (FIR against S.I by Minor Girl)। এই ঘটনা সন্দৰ্ভত নলবাৰী থানাত এখন এজাহাৰ দাখিল কৰে কিশোৰীগৰাকীয়ে। উক্ত এজাহাৰৰ ভিত্তিত ২৮৭/২৩ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে(FIR against S.I by Minor Girl)।
অসম আৰক্ষী আৰু বিতৰ্ক এটাৰ আনটোৰ যেন পৰিপূৰক। এটাৰ পাছত আন এটাই বিতৰ্কই বেৰি ধৰা অসম আৰক্ষীক পুনৰ লজ্জানত কৰিলে নলবাৰীৰ ঘগ্ৰাপাৰ থানাই । নলবাৰী আৰক্ষী থানাতে এগৰাকী যুৱতীক আৰক্ষীয়ে থানাৰ ভিতৰতে নগ্ন কৰি ফটো উঠোৱাৰ দৰে জঘণ্য ঘটনা সংঘটিত কৰিছে ।
এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে যোৱা ২৬ জুনতে নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল । কিন্তু এই এজাহাৰ পিছতো আজি পর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । এই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
অভিযোগ অনুসৰি কিছুদিন পূর্বে নলবাৰী জিলাৰ ভুক্তভোগী কিশোৰীগৰাকীক এজন যুৱকে পলুৱাই নিছিল । পিছত দুয়োজনকে নলবাৰী আৰক্ষীয়ে ধৰা পেলাই ঘগ্ৰাপাৰ থানাত চমজাই দিয়ে । নিশা দুয়োকে ঘগ্ৰাপাৰ থানাত ৰখা হয় ।
এই ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইট কৰি জনাই যে যদি এই ঘটনা সত্য হয় তেন্তে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
ডিজিপি সিঙে টুইটত উল্লেখ কৰিছে যে অভিযোগকাৰীয়ে ২১ জুনত সংঘটিত ঘটনা সন্দৰ্ভত নলবাৰী থানাত ২৬ জুনত এখন এজাহাৰ দাখিল কৰিছিল(DGP GP Singh)। এজন যুৱকৰ সৈতে কিশোৰীগৰাকীক ঘগ্ৰাপাৰ থানালৈ অনা হৈছিল আৰু এজন উপ–পৰিদৰ্শকে ম’বাইলত কেতবোৰ আপত্তিজনক ফটো সংগ্ৰহ কৰিছিল।
লগতে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে উল্লেখ কৰে যে এই সন্দৰ্ভত POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । এগৰাকী মহিলা অতিৰিক্ত আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হৈছে । DIG (CWR)ক ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰথম প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে । যদিহে এই ঘটনা সঁচা হয় তেন্তে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে জি পি সিঙে।
উল্লেখযোগ্য যে, এজাহাৰত উল্লেখ কৰা অনুসৰি থানাত সাধাৰণ পোছাকত থকা এগৰাকী আৰক্ষী বিষয়াই কিশোৰীগৰাকীক উলংগ কৰি ফটো তোলাৰ লগতে অশ্লীল ইংগিতো দিছিল । লিজা টায়ে নামৰ এগৰাকী আৰক্ষী বিষয়াই এই সমগ্ৰ ঘটনাটো অৱগত বুলিও কিশোৰীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে ।
পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াগৰাকীয়ে এই বিষয়ত মুখ নুখুলিবলৈ কিশোৰীগৰাকীক ভাবুকি প্ৰদান কৰে । আনকি শিশু কল্যাণ সমিতিৰ ওচৰত হাজিৰ কৰোৱাত শিশু কল্যাণসমিতিৰ বিষয়ববীয়ায়ো এই বিষয়টোত মুখ বন্ধ ৰাখিবলৈ কিশোৰীগৰাকীক ধমক দিয়া বুলি এজাহাৰত উল্লেখ কৰিছে ।
বুধবাৰে এই এজাহাৰখনৰ বিষয়টো ৰাজহুৱা হোৱাত নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এজাহাৰখনৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ জিলাখনৰ ৰাইজে আৰক্ষীৰ ঊর্ধ্বতন কর্তৃপক্ষক দাবী জনাইছে।
উল্লেখ্য যে, নলবাৰী জিলাত আৰক্ষীৰ কেতবোৰ কৰ্মকাণ্ডই জনসাধাৰণক অতিষ্ঠ কৰি আহিছে। কিছুদিন পূৰ্বে জিলাখনৰ টিহু থানাৰ অন্তৰ্গত নাথকুছিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে দাবী কৰা ধন নিদিয়া বাবেই এগৰাকী ট্রাকচালকক নির্মমভাৱে প্ৰহাৰ কৰিছিল । ইয়াৰ পিছতে স্থানীয় ৰাইজৰ লগতে ট্রাকচালকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত বাধ্য হৈ নলবাৰীৰ আৰক্ষী অধীক্ষকে দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল ।
জিলাখনত সময়ে সময়ে আৰক্ষীৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগে উত্থাপন হৈ আহিছে । এনে ঘটনাই কেৱল অসম আৰক্ষীকে নহয়, সভ্য সমাজকো লজ্জানত কৰিছে।
লগতে পঢ়ক : Life time imprisonment : বিলাসীপাৰা মহকুমা আদালতত ঐতিহাসিক ৰায়দান