Tripura Rath Yatra Tragedy : ত্ৰিপুৰাত ৰথ যাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ শিশুসহ ৭ জনৰ মৃত্যু, মৃতকৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ ৰাজ্য চৰকাৰৰ
নেশ্যনেল ডেস্ক, ২৯ জুন : বুধবাৰে বিয়লি ত্ৰিপুৰাত ৰথ যাত্ৰাৰ সময়ত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা (Tripura Rath Yatra Tragedy)। ফলত ৭ গৰাকী লোকৰ মৃত্যু হয় আৰু ১৭ জন লোক আঘাতপ্ৰাপ্ত হয় (Rath Yatra 2023)। মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে(Tripura Rath Yatra Tragedy)। লগতে এই ঘটনাত ৬০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হোৱা লোকসকলক ২.৫০ লাখ টকা সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ।
বুধবাৰে ত্ৰিপুৰাৰৰ উনাকোটি জিলাৰ কুমাৰঘাটত বিদ্যুৎস্পৃষ্ট হৈ দুটা শিশুসহ ৭ গৰাকী লোকৰ মৃত্যু হয়(Tripura Rath Yatra Tragedy) ৷ ভগৱান জগন্নাথক ৯ দিনৰ পিছত তেওঁৰ মন্দিৰলৈ ঘূৰাই অনা প্ৰথা “উল্টো ৰথ” উৎসৱৰ সময়তে ৰথ টানি থকাৰ মাজতে লোককেইগৰাকীৰ শৰীৰত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰে ৷ লগে লগে ঘটনাস্থলীতেই জীৱন্তে দপদপকৈ জ্বলি উঠে লোককেইগৰাকী ৷
উল্লেখ্য যে, পুৱাৰে পৰা অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল ৷ তাৰ মাজতে উল্টো ৰথ যাত্ৰাৰ বাবে ভালেখিনি ভক্তৰ সমাগম হৈছিল ৷ ভক্তসকলে উল্টো ৰথ যাত্ৰা উৎসৱৰ সময়ত ৰথখন টানি আনি লৈ অহাৰ সময়তে ই উচ্চ-ভল্টেজ তাঁৰৰ ওপৰৰ সংস্পৰ্শলৈ আহে ৷ ফলত লগে লগে সাতজন লোক নিহত হয় আৰু আন বহুলোক আহত হয় ৷
ঘটনা সন্দৰ্ভত স্থানীয় বিধায়ক ভগবান চন্দ্ৰ দাসে কোৱা অনুসৰি এই শোকাৱহ ঘটনাটোত দুগৰাকী শিশু, চাৰিগৰাকী মহিলা আৰু এজন পুৰুষে প্ৰাণ হেৰুৱাইছিল ৷ সূত্ৰই জনোৱা অনুসৰি বিদ্যুতস্পৃষ্ট হৈ ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে ৷ আহত সকলৰ ভিতৰত সাতজনক কৈলাশাহাৰৰ সমীপৰ উনাকোটি জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷
ইয়াৰোপৰি কুমাৰঘাট মহকুমা চিকিৎসালয়ত প্ৰায় ১৫ ৰ পৰা ২০ জন ভক্ত চিকিৎসাধীন হৈ আছে(7 dead 16 hurt as tripura rath yatra turns into tragedy) ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্রী ড০ মানিক সাহাই তত্ক্ষণাত ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যক্তিগতভাৱে পৰিস্থিতিৰ মূল্যায়ন কৰে । তেওঁ এই ঘটনাত শোক প্ৰকাশ কৰি ঘটনাক কল্পনাতীত আখ্যা দিয়ে আৰু ত্ৰিপুৰাৰ ইতিহাসত এনে দুৰ্ভাগ্যজনক ঘটনা কেতিয়াও সংঘটিত হোৱা নাই বুলি মন্তব্য কৰে।
লগতে ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই গভীৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত এটা পোষ্টত উল্লেখ কৰে , “আজি উল্টো ৰথৰ সময়ত বিদ্যুৎস্পৃষ্ট হোৱাৰ এই শোকাৱহ ঘটনাত যথেষ্ট সংখ্যক ভক্তই প্ৰাণ হেৰুৱাইছে ৷ এই ঘটনাটোত মই গভীৰভাৱে দুখ প্ৰকাশ কৰিছো ৷ শোকসন্তপ্ত পৰিয়ালসমূহলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো লগতে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷”
তেওঁ লগতে ফাতিক্ৰয় আৰু কুমাৰঘাট চিকিত্সালয় পৰিদৰ্শন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মৃতকৰ পৰিয়ালক সাক্ষাত্ কৰে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ আৰু মুখ্য সচিবক আহতসকলৰ উপযুক্ত চিকিত্সা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে এই দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰি নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা এক্স গ্ৰেচিয়া ঘোষণা কৰিছে । এক টুইট যোগে প্ৰধান কাৰ্যালয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জনাই আহতসকলৰ তত্কালীন আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটটোত লগতে প্ৰতিগৰাকী মৃতকৰ পৰিয়ালক ২ লাখ এক্স গ্ৰেচিয়া প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে। লগতে এই দুৰ্ঘটনাত আহতসকলৰ বাবে ৫০ হাজাৰ টকা সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।
লগতে পঢ়ক : FIR against S.I by Minor Girl : এগৰাকী কিশোৰীক উলংগ কৰি আৰক্ষী বিষয়াই ফটো তোলাৰ গুৰুতৰ অভিযোগ