Local, Vocal, Global

Ghograpar Police station case: শুকুৰবাৰে আদালত হাজিৰ কৰোৱা হ’ব বিমান ৰয়ক

গুৱাহাটী, ৭জুলাই : আজি আদালত হাজিৰ কৰোৱা হ’ব বিষয়া বিমান ৰয়ক । ঘগ্ৰাপাৰ থানাৰ নিলম্বিত আৰক্ষী বিষয়া বিমান ৰয় ।বৃহস্পতিবাৰে নিশা নলবাৰী সদৰ থানাত তিনিজনকৈ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ জেৰাৰ সন্মুখীন হৈছিল বিমান ৰয় ।নলবাৰী আৰক্ষী অধীক্ষক সুধাকৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ আৰু জিকিৰানী মহন্তই নিশাই চলাইছিল জেৰা । ঘগ্ৰাপাৰ থানাৰ নিলম্বিত আৰক্ষী বিষয়া বিমান ৰয়ৰ সমগ্ৰ ঘটনাৰ দায়িত্ব প্ৰদান কৰা হৈছে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক ।

আৰক্ষী বিষয়াৰ জেৰাৰ সন্মুখীন হৈ থকাৰ সময়তে হঠাতে নিশা পুনৰ অসুস্থ হৈ পৰিছিল বিমান ৰয় । তাৰ পিছত নলবাৰী চিভিল হাস্পতালত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল নিলম্বিত আৰক্ষী বিষয়া বিমান ৰয়ক ।

আজি অৰ্থা শুকুৰবাৰে আদালত হাজিৰ কৰোৱা হ’ব বিমান ৰয়ক ।

বৃহস্পতিবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ হৈছিল বিমান ৰয়। ২১ জুনত এগৰাকী কিশোৰীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল বিমান ৰয়ৰ বিৰুদ্ধে। থানাৰ ভিতৰতে কিশোৰীগৰাকীক আপত্তিজনক ফটো তোলাৰ অভিযোগ উত্থাপিত হৈছিল OC বিমান ৰয় বিৰুদ্ধে(Ghograpar Police station case)।এই ঘটনাৰ পিছতে পলাতক অৱস্থাত আছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে । ন দিনৰ অন্তত আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল অভিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক ৷

এই ঘটনাৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল বিমান ৰয়ক।২৯জুনৰ পৰা পলাতক অৱস্থাত আছিল বিমান ৰয়।আৰক্ষীয়ে বিমান ৰয়ৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল।অৱশেষত গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ হৈছিল বিমান ৰয়। তাৰ পিছতে নলবাৰী আৰক্ষীৰ দলে নলবাৰীলৈ লৈ যায় অভিযুক্ত বিমান ৰয়ক ।

আজি স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব খলনায়ক বিমান ৰয়ক।স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালত হাজিৰ কৰোৱা হ’ব অভিযুক্ত বিমান ৰয়ক ।আদালত হাজিৰ কৰোৱাই খলনায়ক বিমান ৰয়ক জিম্মাত বিচৰাৰ সম্ভাৱনা ।এই সমগ্ৰ ঘটনাৰ সাক্ষী হ’ব মহিলা কনিষ্টবল মইনা ৰামচিয়াৰী ।২১জুন নিসা থানাত দায়িত্বত আছিল মইনা ৰামচিয়াৰী ।

লগতে পঢ়ক : Ghograpar Police station case: অচেতন অৱস্থাত উদ্ধাৰ হোৱা মষ্ট ৱাণ্টেড বিমান ৰয়ক গ্ৰেপ্তাৰ