Local, Vocal, Global

Chance Perdomo Dies : ভয়ংকৰ বাইক দুৰ্ঘটনাত মৃত্যু হলীউডৰ বিখ্যাত অভিনেতা চান্স পেৰ্ডোমো

এণ্টাৰটেনমেণ্ট,৩১মাৰ্চ : ভয়ংকৰ বাইক দুৰ্ঘটনাত মৃত্যু হলীউডৰ বিখ্যাত অভিনেতা চান্স পেৰ্ডোমো । ৩০ মাৰ্চ তথা শনিবাৰে ২৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে(Chance Perdomo Dies) ।

অভিনেতাজনৰ মৃত্যুত হলীউডত গভীৰ শোকৰ ছাঁ পৰে । অনুৰাগীসকলে তাৰকাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ(‘Gen V’ star Chance Perdomo passes away at 27) ৷

হলীউড অভিনেতা চান্সৰ দলৰ মুখপাত্ৰগৰাকীয়ে এটা বিবৃতিৰ জৰিয়তে এইটো খবৰ নিশ্চিত কৰে । মুখপাত্ৰগৰাকীয়ে কয়, “মই গভীৰ দুখেৰে সৈতে আপোনালোকক জনাও যে চান্স পেৰ্ডোমোৰ এক বাইক দুৰ্ঘটনাত অকালতে মৃত্যু হৈছে । এই ঘটনাত আন কোনো ব্যক্তি জড়িত নাই । অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ অপৰিসীম আছিল ।”

এই মৰ্মান্তিক ঘটনাৰ পিচতে অভিনেতাজনৰ পৰিয়ালৰ লোকৰ গোপনীয়তাৰ ইচ্ছাক সন্মান কৰিবলৈ এক বিবৃত্তিযোগে প্ৰচাৰ কৰিছে ৷ এই মুহূৰ্তলৈ, দুৰ্ঘটনাটো ক’ত আৰু কেতিয়া সংঘটিত হৈছিল সেই বিষয়ে তথ্য প্ৰকাশ কৰা হোৱা নাই।

লগতে পঢ়ক :US approves additional bombs, warplanes sales to Israel : আমেৰিকাই ইজৰাইলক বিক্ৰী কৰিব বোমা আৰু যুঁজাৰু বিমান