Local, Vocal, Global

Gelakey News:ইটা ভাটাৰ শ্ৰমিকৰ মাজত হোৱা প্ৰচণ্ড মাৰপিত; মহিলাৰ কৰুণ মৃত্যু

গেলেকী,৪ডিচেম্বৰ : গেলেকীৰ ইটা ভাটাত অঘটন ।ইটা ভাটাৰ শ্ৰমিকৰ মাজত হোৱা প্ৰচণ্ড মাৰপিত। ফলত এগৰাকী মহিলাৰ কৰুণ মৃত্যু।

জানিব পৰা মতে গেলেকী বগিচাপৰিস্থিত R.B.I নামৰ ইটা ভাটাত যোৱা 17 নৱেম্বৰত সংঘটিত হয় এক মাৰপিটৰ ঘটনা ।

এই মাৰপিটৰ ঘটনাৰ মাজতেই ৰছিদা খাতুন নামৰ মহিলা শ্ৰমিক গৰাকীৰ শৰীৰত লাঠিৰ কোব পৰে।ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলা গৰাকী ।

প্ৰথম অৱস্থাত আঘাতপ্ৰাপ্ত মহিলাগৰাকীক স্থানীয় লিগিৰিপুখুৰী চিকিৎসালয়লৈ নিয়া হয় যদিও লিগিৰিপুখুৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত পৰৱৰ্তী সময়ত শিৱসাগৰ আৰু অধিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হয়। অৱশেষত জীৱনৰ সৈতে যুঁজ দি হাৰ মানিলে মহিলা গৰাকীয়ে(Gelakey News)।

প্ৰথম অৱস্থাত এই ঘটনা সংবাদ মাধ্যমৰ আগলৈ অহা নাছিল যদিও বৰ্তমান এই ঘটনা আহি পৰিছে সংবাদমাধ্যমৰ আগত ।

ইতিমধ্যে গেলেকী আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত এজন অভিযুক্ত চাউথ শালমাৰাৰ আমিৰ হামজাক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰিছে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীৰ সূত্ৰৰ যোগেদি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Devendra Fadnavis to be sworn in as Maharashtra CM on Dec 5: জল্পনা -কল্পনাৰ অন্ত!ঘোষণা হ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নাম