৮০ কিঃমিঃ উভতি আহি তুলিবলগীয়া হ’ল পথত পেলোৱা আৱৰ্জনা

গাড়ীৰ খিৰিকীৰে ৰাস্তাত জাৱৰ পেলোৱা মানুহ আপুনি নিশ্চয় দেখিছে। কিন্তু যদিহে কোনোবাই কৰ্ণাটকত এনে কাম কৰে পৰিব পাৰে অভাৱনীয় বিপদত। কৰ্ণাটকত ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থাকোতে পথৰ ওপৰত জাৱৰ পেলোৱা দুই যুৱকক ৮০ কিলোমিটাৰ উভতি আহি জাৱৰ তুলিবলৈ বাধ্য কৰোৱা হ’ল। যুৱক দুজনে গাড়ীৰে গৈ থাকোঁতে ৰাজপথত পেলাই থৈ গৈছিল পিজ্জাৰ বাকচ। কিন্তু তেওঁলোকৰ দুৰ্ভাগ্য পিজ্জাৰ বাকচত আছিল তেওঁলোকৰ ফোন নম্বৰ থকা বিল। সেই বিলৰ সহায়ত আৰক্ষীয়ে ধৰা পেলালে ৰাজপথত জাৱৰ পেলোৱা যুৱক দুজনক। যি ঠাইত জাৱৰ পেলাইছিল সেই ঠাইত কিছুদিন পূৰ্বে চাফাই অভিযান চলোৱা এটা সংস্থাৰ সম্পাদকজনে ৰাজপথত পিজ্জাৰ বাকচটো দেখি প্ৰথমে তাৰ পৰা বিলখন লাভ কৰে। তাৰ ভিত্তিত ফোন কৰা হয় যদিও যুৱক দুজনে প্ৰথমে উভতি আহিবলৈ অমান্তি হয়। তেওঁলোকে ইতিমধ্যে বহুদূৰ আগবাঢ়ি যোৱা বুলিও জনায়। তেতিয়াই আৰক্ষীৰ সহযোগ লোৱাৰ লগতে বিষয়টো সামাজিক মাধ্যমতো তুলি ধৰা হয়। তাৰ পিছত দুই যুৱকে অভাৱনীয় হাৰত ফোন লাভ কৰি ৮০ কিলোমিটাৰ উভতি আহে আৰু পিজ্জাৰ বাকচকেইটা আঁতৰাই পেলায়।