Local, Vocal, Global

Ganga Dussehra : আজি উদযাপন কৰা হৈছে গংগা দশেৰা, গংগা স্নান সম্পৰ্কীয় শুভ যোগ

নিউজ ডেস্ক, ৩০ মে’ : আজি গংগা দশেৰা । বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰহ্ম জীৰ কমাণ্ডলৰ পৰা ৰজা ভাগীৰথৰ দ্বাৰা পৃথিৱীত গংগা দেৱীৰ অৱতাৰ গংগা দশেৰা নামেৰে জনাজাত । পৃথিৱীত অৱতাৰৰ পূৰ্বে গংগা নদী স্বৰ্গৰ অংশ আছিল । গংগা দশেৰাৰ দিনা ভক্তসকলে গংগা দেৱীক পূজা কৰি গংগাত ডুব গৈ দান-বৰঙণি, ভজন আৰু গংগা আৰতিৰ আয়োজন কৰে। এই দিনটোত মাতৃ গংগা পূজা কৰিলে ভগৱান বিষ্ণুৰ অসীম আশীৰ্বাদ লাভ কৰিব বুলি বিশ্বাস কৰা হয় । হিন্দু ধৰ্মত গংগাক মাতৃ দেৱীৰ মৰ্যাদা দিয়া হৈছে ।

আজি হিন্দু ধৰ্মাবলম্বী লোকসকলে গংগা দশেৰা উদযাপন কৰিছে। হিন্দু বৰ্ষপঞ্জী অনুসৰি, প্ৰতি বছৰে জেঠ মাহৰ শুক্ল পক্ষৰ দশম দিনা গংগা দশেৰা পালন কৰা হয় । হিন্দু ধৰ্মত গংগা নদীক গংগা মাতৃ বুলি কোৱা হয় । গংগা দশেৰাত গংগা মাতৃৰ বিশেষ উপাসনা কৰা হয়।

বিশ্বাস অনুসৰি আজিৰ দিনটোত গংগা পৃথিৱীলৈ নামি আহিছিল । সেইবাবে হিন্দু ধৰ্মাৱলম্বী লোকসকলে গংগা দশেৰা পালন কৰে । গংগা দশেৰাৰ দিনটোক শুভ কামৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰি গংগা দশেৰাত উপাসনা কৰে ।

এই বৰ্ষৰ জেঠ দশমী তিথি ২৯ মে’ৰ পুৱা ১১ বাজি ৪৯ মিনিটত আৰম্ভ হয় আৰু ৩০ মে’ৰ দুপৰীয়া ১ বাজি ৭ মিনিটত শেষ হয় । গংগা দশেৰাৰ দিনা গংগা নদীত গা ধোৱাৰ সময়ত সূৰ্য দেৱতাক উপাসনা কৰাটো অতি শুভ বুলি বিশ্বাস কৰা হয় । সূৰ্যৰ ফালে মুখ কৰি বা গংগাৰ প্ৰবাহিত ঢৌৰ দিশত মুখ কৰি সূৰ্যক গংগা পানী অৰ্পন কৰি উপাসনা কৰা হয় । গংগা স্নানৰ পিছত গংগা স্তুতি আৰু গংগা আৰতি গোৱা হয় । গংগাত গা ধুৱাৰ সময়ত চাবোন, চেম্পু বা তেল আদি ব্যৱহাৰ কৰিব নালাগে ।

আজি গংগা নদীত গা ধুই মানুহে মনৰ শান্তি পোৱাই নহয় । এই দিনটোত দান দিয়াৰো বিশেষ তাৎপৰ্য আছে । আজি এই শুভ সময়ত সকলোৱে গংগা নদীত গা ধুব লাগে বা ঘৰত পানীত গংগা পানী অলপ দি গা ধুব লাগে । তাৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধি সূৰ্যৰ উপাসনা কৰিব । গংগা মাতৃক পূজা কৰিবলৈ ফুল, অক্ষত, চাকি, সেন্দুৰ আদি আগবঢ়াওক । পূজাৰ সময়ত, গংগা মাতৃৰ আৰতি কৰিব । পূজাৰ পিছত আপোনাৰ সামৰ্থ্য অনুসৰি খাদ্য, কাপোৰ, ফল আদি দান কৰিব পাৰে। ইয়াৰ পিছত, পাপ পৰিত্ৰাণৰ বাবে গংগা মাতৃৰ ওচৰত প্ৰাৰ্থনা কৰিব।

লগতে পঢ়ক : Assam boy child artist Scholarship : হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বটা প্ৰদান