Local, Vocal, Global

হাজোত দলবদ্ধ ধৰ্ষণ !৯টাকৈ পাষণ্ডৰ কামনাৰ বলি ধেমাজিৰ এগৰাকী মহিলাই…

ডিজিটেল ডেস্ক:- হাজোত দলবদ্ধ ধৰ্ষণ ।হাজোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা।৯টাকৈ পাষণ্ডৰ কামনাৰ বলি হ’ল ধেমাজিৰ এগৰাকী মহিলাই।
এই অমানীয় কাণ্ড সংঘটিত কৰা ৫জন ধৰ্ষণকাৰীক আটক কৰিছে আৰক্ষীয়ে।জানিব পৰা মতে, হাজোৰ টপাবৰি চৰত সংঘটিত এই ঘটনাৰ ।অভিযোগ অনুসৰি মঙলবাৰে গুৱাহাটীৰ পৰা ধেমাজিৰ পৰা লৈ যাব বাবে বাছ লৈ ৰৈ আছিল মহিলাগৰাকীয়ে।অভিযুক্ত আলটাফ আলী নামৰ লোকজনে মহিলাগৰাকীক ঘৰত থৈ আহিম বুলি কয় নিজৰ লগত লৈ আহিছিল আৰু জালুকবাৰিত নিচা জাতীয় দ্ৰৱ্য খুৱাই নিজৰ চাৰিচকীয়া বাহনেন লৈ আনে হাজোৰ টপাবৰি চৰলৈ।তাৰ পাছত ৯ জনকৈ পাষণ্ডৰ কামনাৰ বলি হয় মহিলাগৰাকীয়ে।

আৰক্ষীৰ ভাষ্য অনুসৰি, অভিযুক্ত লোক কেইজনে মহিলাগৰাকীক চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই এখন গাড়ীৰ ভিতৰত এই জঘন্য কাণ্ড সংঘটিত কৰে।
বৃহস্পতিবাৰে নিশা বাক্সাৰ পৰা মূল অভিযুক্ত কেব চালক আলটাফক গ্ৰেপ্তাৰ কৰিছো। এই অপৰাধত জড়িত তেওঁৰ ৫জন সহায়কক জিম্মাত লোৱা হৈছে’।
এই জঘন্য অপৰাধ সংঘটিত কৰা গাড়ীখনো জব্দ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।