Local, Vocal, Global

ফিল’বাৰীত ড্ৰাগছৰ বিৰুদ্ধে শতাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

ডিজিটেল ডেস্ক:- ফিল’বাৰীত ড্ৰাগছৰ বিৰুদ্ধে শতাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ। ড্ৰাগছক কেন্দ্ৰ কৰি এগৰাকী মহিলাৰ অত্মহনন।ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ লগতে অৰক্ষী সঞ্চালক প্ৰধানক আহ্বান ৰাইজৰ। ড্ৰাগছে চানি ধৰিছে সমগ্ৰ ৰাজ্য । গাৱে-ভূঞে এতিয়া ড্ৰাগছৰ অবাধ ৰমৰমীয়া বেহা । ড্ৰাগছৰ কৱলত পৰি পংগু হৈছে উঠি অহা প্ৰজন্ম । ড্ৰাগছৰ অবাধ প্ৰচলনত অতিষ্ঠ হৈ অৱশেষত প্ৰতিবাদত নামিছে ৰাইজ ।

তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি-নাজিৰাটিং গাঁৱত নাজিৰাটিং বহুমুখী উন্নয়ন সংঘৰ সদস্য সকলে বুধবাৰে পাঁচজনকৈ যুৱকক ড্ৰাগছ সেৱন কৰি থকাৰ সময়ত হাতে-লুটে কৰায়ক্ত কৰি আৰক্ষীক চমজাই দিছিল । ইয়াৰে, আৰক্ষীয়ে কৰায়ক্ত কৰা অৰুণ মৰাণ নামৰ লোকজনৰ পত্নীয়ে বিহপান কৰি আত্মহত্যা কৰে ।

অন্যহাতে, ফিল’বাৰী অঞ্চলত অবাধ হাৰত বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে নাজিৰাটিং বহুমুখী উন্নয়ন সংঘ উদ্যোগত শতাধিক পুৰুষ-মহিলাৰ উপস্থিতিত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ ড্ৰাগছৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় । ড্ৰাগছৰ বিৰুদ্ধে স্থানীয় ফিল’বাৰী আৰক্ষীৰ ভূমিকাক লৈয়ো ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰে । উল্লেখযোগ্য যে, বৃহত্বৰ ফিল’বাৰী অঞ্চলত ড্ৰাগছৰ অবাধ তথা ৰমৰমীয়া ব্যৱসায় চলোৱা ড্ৰাগছ বেপাৰীৰ এখন দীঘলীয়া তালিকা ফিল’বাৰী আৰক্ষীক দিয়া হৈছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ফিল’বাৰী অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ লগতে অৰক্ষী সঞ্চালক প্ৰধানক স্থানীয় ৰাইজে আহ্বান জনাই । শীঘ্ৰেই আৰক্ষীয়ে ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে থানা ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।